বৰপেটা, ১৫ জুলাইঃপিক আপ ভান এখনেৰে শিশু খাদ্যৰ বস্তাসমূহ লৈ গৈ থকাৰ সময়তে গাঁওবাসীয়ে ব্যৱসায়ীজনক সোধপোচ কৰোতেই পলায়ন কৰে ব্যৱসায়ীজন ৷ ইয়াৰ পিছতে গাঁওবাসীয়ে সৰ্থেবাৰী থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে শিশু খাদ্যৰ বস্তাসমূহ জব্দ কৰে ৷
সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশু খাদ্যৰ নামতো চলিছে ব্যৱসায় - আৰক্ষী
শিশুৰ পৰিপুষ্টিৰ বাবে সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশু খাদ্য চোৰাংকৈ ব্যৱসায়ীক বিক্ৰী ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ সৰুক্ষেত্ৰীৰ বেচিমাৰী পাম গাঁৱত ৷ বেচিমাৰী পাম গাঁৱৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মী ৰমেণা বেগমে চোৰাংকৈ বিক্ৰী কৰিছিল ১০ বস্তা শিশুখাদ্য ৷
![সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশু খাদ্যৰ নামতো চলিছে ব্যৱসায় social welfare supply children food seized by public at sarukhetri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8037128-956-8037128-1594813498451.jpg)
সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশু খাদ্যৰ নামতো চলিছে ব্যৱসায়
সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশু খাদ্যৰ নামতো চলিছে ব্যৱসায়
গাঁওবাসীয়ে জনোৱামতে, মঙলবাৰেও অংগনবাদী কেন্দ্ৰটোৰ কৰ্মীগৰাকীয়ে ওমেদ আলী নামৰ ব্যৱসায়ীজনৰ ওচৰত বিক্ৰী কৰিছিল ৩০ বস্তা শিশু খাদ্য ৷ স্থানীয় লোকে শিশু খাদ্য বিক্ৰীৰ ঘটনাৰ সৈতে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কৰ্মচাৰীও জৰিত থকাৰ সন্দেহ ব্যক্ত কৰিছে ৷ এইক্ষেত্ৰত আৰক্ষীক নিজাববীয়া এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক :তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা