বৰপেটা, 3 জুনঃ ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই শিশু আৰু প্ৰসূতি সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণত অনিয়ম কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পুনৰ সকীয়নি প্ৰদান কৰিছে ৷ বৰপেটাৰ লগতে ৰাজ্যৰ আন কেবাখনো জিলাত খাদ্য সামগ্ৰী বিতৰণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ পোৱা বুলি সদৰী কৰে মন্ত্ৰী গৰাকীয়ে ৷
আকস্মিকভাৱে বৰপেটা পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ - সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম
খাদ্য সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত বৰপেটাৰ একাংশ অংগনবাড়ী কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ পিচতেই মঙলবাৰে বিয়লিৰ ভাগত, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই আকস্মিকভাৱে বৰপেটাত উপস্থিত হৈ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি অনিয়মৰ আশ্ৰয় লোৱা বিষয়া কৰ্মচাৰীসকলক সকীয়নি প্ৰদান কৰে ৷

লক ডাউনৰ সময়ত অসুবিধাৰ সন্মুখীন হোৱা শিশু আৰু প্ৰসূতি সকলক ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ পোৱাৰ পিচতেই অতি তৎপৰতাৰে বৰপেটাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে, জিলা উপায়ুক্ত কাৰ্যালয় সভা কক্ষত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু অংগনবাড়ী কেন্দ্ৰৰ মুখ্য সহায়িকাসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ সভাখনত অংশগ্ৰহণ কৰে সমাজ কল্যাণ বিভাগৰ সঞ্চালক দেৱলীনা দেৱীয়েও ৷ মন্ত্ৰীগৰাকীয়ে খাদ্য বিতৰণত অনিয়ম হোৱাতো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি, এইক্ষেত্ৰত অভিযোগ উত্থাপন হোৱা কোনো বিষয়া কৰ্মচাৰীক ৰেহাই দিয়া নহ'ব বুলিও উল্লেখ কৰে ৷
লগতে পঢ়কঃঅহা তিনি বছৰৰ ভিতৰত ৰাজ্যৰ 23 লাখ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী !