অসম

assam

By

Published : Jun 10, 2020, 3:56 AM IST

ETV Bharat / state

শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ

শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো চোকা সমালোচনা ছাত্ৰ মুক্তিৰ।

assam government
assam government

জনিয়া, 9 জুন :এইবৰ্ষত মেট্ৰিক পৰীক্ষাত কোনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱা অসমৰ ১৭ খনকৈ শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণাৰ পিচতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰৰ এই সিদ্ধান্তক জনবিৰোধী আৰু শিক্ষা বিৰোধী আখ্যা দি তীব্ৰ সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ।

শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ

শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো চোকা সমালোচনাৰ লক্ষ্য কৰি লয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিদ্যালয়ৰ সমস্যাসমূহ সমাদান কৰিহে শিক্ষাৰ মানদণ্ড উন্ন কৰিব লাগে চৰকাৰে ।

লগতে পঢ়ক :অসমীয়া ভাষাৰ বিৰোধিতা নিখিল বড়ো ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details