অসম

assam

বৰপেটাত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মানৱ শৃংখল

By

Published : Dec 24, 2020, 1:59 PM IST

Updated : Dec 24, 2020, 2:24 PM IST

এবছৰ পাচত ৰাজ্যত পুনৰ আৰম্ভ হৈছে "কা" বিৰোধী আন্দোলন ৷ চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ বন্দীত্বৰ জীৱন অতিবাহিত কৰি থকা কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত বৰপেটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে মানৱ শৃংখল কাৰ্যসূচী ৷

smss human chain demand release akhil gogoi
বৰপেটাত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মানৱ শৃংখল

বৰপেটা,২৪ ডিচেম্বৰ: সমগ্ৰ ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে "কা" বিৰোধী আন্দোলন । সমান্তৰালভাৱে উত্থাপিত হৈছে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীও । বিগত প্ৰায় তেৰ মাহে চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ বন্দীত্বৰ জীৱন অতিবাহিত কৰি আছে কৃষক নেতা অখিল গগৈয়ে ।অসমীয়া জাতিৰ আৱেগ অনুভূতিক ভূলণ্ঠিত কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বলবৎ কৰা জাতিধ্বংসী "কা" আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব লোৱাৰ অপৰাধতে বন্দী জীৱন কটাবলগীয়া হৈছে কৃষক নেতাগৰাকীয়ে ৷

পিছে অখিল গগৈক বন্দী কৰি ৰখাৰ পিছতো স্তব্ধ হোৱা নাই জাতিধ্বংসী "কা" বিৰোধী আন্দোলন ৷ বৃহস্পতিবাৰে বৰপেটা পাঁচ আলি চকত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণেৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে অখিল গগৈৰ মুক্তিৰ দাবী জনায় ৷ "কা" আমি নামানো,অসমীয়া জাতি ধ্বংস হ'বলৈ দিয়া নহ'ব,অখিল গগৈসহ সকলো "কা" বিৰোধী নেতাক মুক্তি দিয়ক আদি ধ্বনিৰে বৰপেটা চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক:10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন

Last Updated : Dec 24, 2020, 2:24 PM IST

ABOUT THE AUTHOR

...view details