বৰপেটা,২৪ ডিচেম্বৰ : ৰাজ্য চৰকাৰে বৃহস্পতিবাৰৰ দিনটোত প্ৰায় ৮ খনকৈ জিলাত আয়োজন কৰিছিল নিয়োগ মেলা (Job mela in Assam) ৷ অসম চৰকাৰে নিয়োগ মেলাৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এই নিয়োগ মেলা প্ৰতাৰণা আৰু প্ৰহসনত পৰিণত হোৱা দেখা গ'ল ৷
এই নিয়োগ মেলাত শিক্ষিত যুৱক-যুৱতীৰ পৰা বায়'ডাটা আৰু নথি প্ৰত্ৰ সংগ্ৰহ কৰি ব্যক্তিগত প্ৰতিষ্ঠানবোৰে সেইবোৰ মাটিত পেলাই থোৱাত ক্ষুব্ধ হৈ পৰে দূৰ-দূৰণিৰ পৰা অহা চাকৰি প্ৰত্যাশী শিক্ষিত যুৱক-যুৱতীসকল ৷ শিক্ষিত যুৱক-যুৱতী সকলক প্ৰতাৰণা কৰাৰ অভিযোগত শুকুৰবাৰে মন্দিয়াত বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সদস্যসকলে অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (SMSS burns effigy of Assam CM)। প্ৰতিবাদী ছাত্ৰ মুক্তিৰ সদস্যসকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।