অসম

assam

ETV Bharat / state

পথ নিৰ্মাণৰ কেলেংকাৰীত গ্ৰেপ্তাৰ 6 জনকৈ অভিযুক্তক - ব্যাপক কেলেংকাৰী

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ সমষ্টি উন্নয়ন পূঁজি ব্যৱহাৰক লৈ বৃহৎ কেলেংকাৰী ৷ বৰপেটা, গুৱাহাটী, মঙলদৈত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযানত বাঘবৰ সমষ্টিৰ মন্দিয়া উন্নয়ন খণ্ডৰ পূৰ্বৰ দুগৰাকী খণ্ড উন্নয়ন বিষয়াসহ 6 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ ৷

baghbar-mla-fund-scam
গ্ৰেপ্তাৰ 6 জনকৈ অভিযুক্তক

By

Published : Jun 30, 2021, 6:53 PM IST

Updated : Jun 30, 2021, 8:23 PM IST

বৰপেটা, 30 জুন :বিকশিত অসমৰ উন্নয়নৰ নমুনা প্ৰতিফলিত হৈছে বৰপেটাৰ বাঘবৰত ৷ বাঘবৰ সমষ্টিৰ 14 টা পথ নিৰ্মাণৰ নামত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰী ৷ পথ নিৰ্মাণ নকৰাকৈয়ে সমষ্টি উন্নয়ন পুঁজিৰ আৱন্টিত ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

বিধায়ক শ্বেৰমান আলী আহমেদৰ ঘনিষ্ঠ একাংশ লোকৰ সহযোগত আটাইখিনি ধন উলিয়াই নিয়াৰ অভিযোগ ৷ পথৰ কোনো কাম নকৰাকৈয়ে ধন উলিয়াই নিয়া ঘটনাৰ বিৰুদ্ধে বাঘবৰৰ একাংশ লোকে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত দাখিল কৰিছিল অভিযোগ ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোচৰ নং- 02/2021.U/S 120 ( B)/406/420/409/468/471 IPC R/W Sec 13 (2) IPC Act (Amendment 1988)ৰ আধাৰত মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই বৰপেটা, মঙলদৈ আৰু গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্তসকলক ৷

ইফালে গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আছে মন্দিয়া উন্নয়ন খণ্ডটোৰ অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া যাদৱ চৌধুৰী, পূৰ্বৰ খণ্ড উন্নয়ন বিষয়া তথা বৰ্তমান মঙলদৈ জিলা পৰিষদৰ CEO হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ইউচুফুৰ ৰহমান, বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা আইনুৰ ৰহমান,আৰু নিৰ্মাণ সমিতিৰ সভাপতি ক্ৰমে আব্দুৰ ৰেজ্জাক, চাহজামাল আলী, মুজাহিদুৰ ৰহমান ৷

ইপিনে ধৃত আব্দুৰ ৰেজ্জাকৰ লগতে নিৰ্মাণ সমিতিৰ আন সকল সভাপতি বিধায়ক শ্বেৰমান আলী আহমেদৰ ঘনিষ্ঠ হোৱাৰ লগতে সকলো কামকাজৰ তদাৰক কৰিছিল বুলিও অভিযোগ উঠিছিল ৷ উক্ত অভিযোগৰ ভিত্তিতেই খণ্ড উন্নয়ন বিষয়াসহ, কনিষ্ঠ অভিযন্তা আৰু নিৰ্মাণ সমিতিৰ সভাপতি কেইগৰাকীক চি এম ভিজিলেঞ্চে মঙলবাৰে গ্ৰেপ্তাৰ কৰে ৷ বিধায়ক উন্নয়ন পুঁজিৰ ধন আত্মাসাতৰ ঘটনাত কেইবাজনো লোকক গ্ৰেপ্তাৰক লৈ বৰপেটা বাঘবৰৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্য ৷

লগতে পঢ়ক:২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰ নিৰ্ধাৰণ

Last Updated : Jun 30, 2021, 8:23 PM IST

ABOUT THE AUTHOR

...view details