বৰপেটা, ১৬ এপ্ৰিল:ৰাজ্যত পুনৰ বৃদ্ধি পাইছে অল-কায়দাৰ জেহাদীৰ সংখ্যা । বিশেষকৈ নামনি সমত বেয়াকৈ খোপনি পুতিছে আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQISয়ে । জেহাদীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে অভিযান । ইয়াৰ মাজতে বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা । বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে AQIS ৰ ৬টা জেহাদীক । বাংলাদেশৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদৰ সৈতে প্ৰত্যক্ষ যোগাযোগ থকা বৰপেটাৰ ৬টা কৈ অল কায়দা জেহাদী গ্ৰেপ্তাৰ কৰাৰ পাছতেই বৃদ্ধি পাইছে চাঞ্চল্য় ৷
বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এক সংবাদমেল যোগে জনালে ৬টাকৈ জেহাদী গ্ৰেপ্তাৰৰ সকলো তথ্য ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অল কায়দাৰে জড়িত জেহাদী কেইটা সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ ফালাদী গাঁৱৰ মুফটি ছুলেইমান, হাউলীৰ খন্দকাৰপাৰাৰ জাহিদুল ইছলাম, হাউলী কুমল্লীপাৰাৰ ছাদ্দাম হুছেইন, ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলাম, বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম ৷
ইয়াৰে বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম দুয়ো ভাই ককাই ৷ মকিবুল ইছলাম PFI ৰ সৈতে জৰিত বুলিও সংবাদমেলত সদৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ বৰপেটা সদৰ থানাত ৰুজু হোৱা Case No-419/2022 U/S 120(b)/121/121A IPC R/W Sec17/18/18B/19/20 UA(P) Act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় আটাইকেইটা জেহাদীক ৷
জোৱা ৪ মাৰ্চত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ অল-কায়দাৰ দুধৰ্ষ জেহাদীটোক । ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতি থকা চমুকৈ AQIS ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আনছাৰুল ইছলামৰে জড়িত আছিল জেহাদীটো । উক্ত জেহাদীটোৰ স্বীকাৰোক্তিৰ ভিত্তিতে পুনৰ ৬ টাকৈ দূধৰ্ষ অল কায়দা জেহাদীক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে ৷