বৰপেটা, 19 জানুৱাৰী : ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰিৱৰ্তে মাতৃভাষা অসমীয়াত গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে সত্ৰনগৰী বৰপেটাত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্মৃতিত স্থাপন কৰা অসম কেশৰী জাতীয় বিদ্যালয়ে সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জল 25 বছৰ ৷ বিদ্যালয়খনৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে ৰূপালী জয়ন্তী ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰিছে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী ৷
1997 চনতে বৰপেটাৰ সচেতন গণ মঞ্চৰ উদ্যোগত স্থাপিত জাতীয় বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে শুকুৰবাৰে বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা ৰূপালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাত হাতীৰে সৈতে সত্ৰীয়া গায়ন-বায়ন, বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীত, অসমীয়া সমাজৰ লোক পৰম্পৰা আৰু লোক নৃত্য, গীত-পদ আদিৰে বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷