জনীয়া, ২৬ ফেব্ৰুৱাৰী: শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে গুনিয়ালগুৰি বি বি আঞ্চলিক ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱ । বৰপেটা জিলাৰ অগ্ৰণী বে চৰকাৰী অনুষ্ঠান বি বি আঞ্চলিক ক্লাৱে সগৌৰৱেৰে ২৫ টা বছৰ । ২৬,২৭ আৰু ২৮ ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ কাৰ্যক্ৰমনিকা । শুকুৰবাৰৰ প্ৰথম দিনৰ কাৰ্যসূচীমতে ৰাতিপুৱা স্বচ্ছতা অভিযানেৰে আৰম্ভ কৰে ।
আজিৰে পৰা আৰম্ভ বৰপেটাৰ গুনিয়ালগুৰি বি বি আঞ্চলিক ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱ - বৰপেটা জিলাৰ অগ্ৰণী বে চৰকাৰী অনুষ্ঠান বি বি আঞ্চলিক ক্লাৱ
২৬,২৭ আৰু ২৮ ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বৰপেটা জিলাৰ অগ্ৰণী বে চৰকাৰী অনুষ্ঠান বি বি আঞ্চলিক ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱ ।
তাৰ পাচত ক্লাৱৰ পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি আব্দুল হামিদ চৌধুৰীয়ে । পৰৱৰ্তী কাৰ্যসূচীক্ৰমে বৃক্ষ ৰোপন, খেল-ধেমালি প্ৰতিযোগিতা আৰম্ভ কৰা হয় । তাৰোপৰি, শুকুৰবাৰৰ বিশেষ কাৰ্যসূচী হিচাপে আৰম্ভ হৈছে ৰক্তদান শিবিৰ । ইয়াৰ পিছত আবেলি ২ বজাৰ পৰা সংগীত প্ৰতিযোগিতা আৰু সন্ধিয়া ৭ বজাৰ পৰা নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব । আয়োজক সমিতিৰ বিষয়ববীয়াসকলে ৰূপালী জয়ন্তীৰ সমূহ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ বৃহত্বৰ অঞ্চলৰ ৰাইজলৈ আহবান জনাইছে ।
লগতে পঢ়ক:কোকৰাঝাৰক সেউজ কৰি তোলাৰ লক্ষ্যৰে ডাষ্টবিন বিতৰণ প্ৰমোদ বড়োৰ