অসম

assam

By

Published : Oct 25, 2019, 11:12 PM IST

ETV Bharat / state

শিলাদিত্য পাগল,বাংলাদেশীৰ দালাল, মতিভ্ৰম হোৱা ব্যক্তিঃ ডঃ হাফিজ ৰফিকুল ইছলাম

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আক্ৰমণাত্মক জনীয়াৰ নৱ-নিৰ্বাচিত বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম ৷ সংবাদমেল সম্বোধন কৰি শিলাদিত্যক বাংলাদেশীৰ দালাল আখ্যা দিলে বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে ৷

ড0 হাফিজ ৰফিকুল ইছলামৰ সংবাদমেল

জনীয়া, 25 অক্টোবৰঃতুংগত উঠিছে জনীয়াৰ নৱ-নিৰ্বাচিত বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম আৰু হোজাইৰ বিধায়ক শিলাদিত্যৰ বাকযুদ্ধ ৷ ডঃ হাফিজ ৰফিকুল ইছলাম সন্দৰ্ভত শিলাদিত্যই কৰা মন্তব্যৰ পাচতেই উভতি ধৰিলে জনীয়া সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়কগৰাকীয়ে ৷ শুকুৰবাৰে জনীয়াত এখন সংবাদমেল সম্বোধন কৰি ডঃ হাফিজ ৰফিকুল ইছলামে মন্তব্য কৰে যে,শিলাদিত্য নিজেই বাংলাদেশী,তেখেতৰ পৰিয়াল বাংলাদেশৰ পৰা কিছু বছৰ পূৰ্বে অসমলৈ আহিছে ৷ সেয়ে বঙালী ভাষী লোকৰ প্ৰতি তেখেতৰ প্ৰীতি বেছি ৷ শিলাদিত্য যিহেতু নিজেই বাংলাদেশৰ পৰা অহা সেয়ে তেখেতৰ জনীয়াবাসী ৰাইজক বাংলাদেশী কোৱাৰ কোনো অধিকাৰ নাই বুলিও মন্তব্য কৰে ডঃ হাফিজ ৰফিকুল ইছলামে ৷

ড0 হাফিজ ৰফিকুল ইছলামৰ সংবাদমেল

শিলাদিত্যই ডঃ হাফিজ ৰফিকুল ইছলামৰ চেহেৰা সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বিধায়কগৰাকীয়ে কয় যে,যিহেতু মই ইছলাম ধৰ্মীয় নীতি-আদৰ্শ অনুকৰণ কৰো,সেয়ে মই দীঘল দাড়ি ৰাখো ৷ তেখেতে প্ৰথমে নিজৰ ঘৰখনক ঠিক কৰক তাৰ পাচত অন্যলৈ আঙুলি টোৱাই কথা ক'ব ৷ তেখেতে চুলি-দাড়ি থকা প্ৰত্যেক গৰাকী ইছলাম ধর্মাবলম্বী ব্যক্তিৰ ওচৰত ক্ষমা খোজা উচিত ৷ উল্লেখ্য যে,শিলাদিত্যই ডঃ হাফিজ ৰফিকুল ইছলামৰ চেহেৰাৰ বাবে তেখেতক মৌলবাদী বুলি মন্তব্য কৰিছিল ৷ এন আৰ চিৰ পৰা যিহেতু শিলাদিত্যৰ বহু ভায়েক-ককায়েকৰ নাম বাদ পৰিছে ৷ সেয়ে তেখেতে মতিভ্ৰম হৈ এনেধৰণৰ কথা কৈছে বুলিও মন্তব্য কৰে জনীয়াৰ বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে,জনীয়াত বিজেপিৰ পৰাজয়ৰ পাচতেই বিধায়ক শিলাদিত্যই জনীয়াবাসী আৰু নৱ-নিৰ্বাচিত বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সন্দৰ্ভত কেইবাটাও সাম্প্ৰদায়িক মন্তব্য কৰিছিল ৷

ABOUT THE AUTHOR

...view details