বৰপেটা, ১২ মেঃ "বৰপেটা জিলা যিহেতু মুছলমান সংখ্যাগৰিষ্ঠ গতিকে ইয়াত তেওঁলোকে জেহাদৰ কাৰখানা খুলিব আৰু ইতিমধ্যেই নামনি অসমত জেহাদৰ ফেক্টৰী আৰম্ভ হৈছে ৷" এই বিস্ফোৰক মন্তব্য় বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য় দেৱৰ ৷ বৰপেটাত আজি একাংশ বাঙালী জাতীয় সংগঠনৰ নেতা-কৰ্মীৰ সৈতে মত-বিনিময়ৰ পিচত অসমত বৃদ্ধি পোৱা জেহাদী কাৰ্যকলাপ (Jihadi activity in Assam) সম্পৰ্কে এইদৰে মন্তব্য কৰে শিলাদিত্য দেৱে ৷
বৰপেটাত আৰম্ভ হৈছে জেহাদী নিৰ্মাণৰ কাৰখানা: শিলাদিত্য প্ৰাক্তন বিধায়কজনে সমাজ বিজ্ঞানীৰ উদ্ধৃতি দি আৰু কয় যে যি অঞ্চলত মুছলমান লোকৰ বসতি 20 শতাংশৰ অধিক, সেই অঞ্চলতে তেওঁলোকে আধিপত্য় আৰম্ভ কৰে ৷ বৰপেটা জিলাত এতিয়া তেওঁলোকৰ সংখ্য়া 80 শতাংশ (Muslim population in Barpeta) ৷
গতিকে তেওঁলোকে ইয়াত জেহাদী নিৰ্মাণৰ কাৰখানা খুলিব পাৰে বুলি মন্তব্য় কৰে বিজেপি নেতাজনে ৷ আনহাতে, ৰাজ্য চৰকাৰৰ এবছৰীয়া কামকাজক লৈ কৰা মন্তব্যত মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক কৰ্মদক্ষ বুলি অভিহিত কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে অসমক লৈ কৰা পৰিকল্পনা বা চিন্তাৰ বাবেই চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা থকা বুলি মন্তব্য কৰে শিলাদিত্য় দেৱে ৷
ইপিনে যি সময়ত ৰাজ্য়জুৰি মূল্য়বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত হৈছে সেই সময়তে আজি শিলাদিত্য দেৱে মূল্যবৃদ্ধিক বিশ্বজোৰা সমস্যা বুলি মন্তব্য় কৰি কয় যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমত মূল্যবৃদ্ধিৰ সমস্যা নিয়ন্ত্ৰণত আছে ৷
লগতে পঢ়ক:পুনৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ অখিল গগৈৰ