অসম

assam

ETV Bharat / state

Basistha Dev Sarma health is deteriorating: বুঢ়াসত্ৰীয়াৰ আৰোগ্য় কামনাৰে সংগীত সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰা বাতিল - Satradhikar Basistha Dev Sarma admitted in GMCH

বৰ্তমানো সুস্থ নহয় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা (Sick Satradhikar Basistha Dev Sarma)। চিকিৎসাধীন বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্যক লৈ উদ্বিগ্ন বৰপেটাবাসী । সকলোৱে বুঢ়াসত্ৰীয়াগৰাকীৰ আশু আৰোগ্য কামনা কৰি বিভিন্ন ধৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে ।

sick satradhikar basistha dev sarma
বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ আশু-আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

By

Published : Oct 22, 2022, 9:03 AM IST

Updated : Oct 22, 2022, 10:24 AM IST

বৰপেটা,২১ অক্টোবৰ:সুস্থ হৈ উঠা নাই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা (Sick Satradhikar Basistha Dev Sarma)। বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH) ত চিকিৎসা অব্যাহত বৰ্ষীয়ান সত্ৰাধীকাৰগৰাকীৰ । বিশেষজ্ঞ চিকিৎসকৰ দলে দিনে-নিশাই বুঢ়াসত্ৰীয়াগৰাকীক চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ।

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ আশু-আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্যক লৈ উদ্বিগ্ন বৰপেটাবাসী(Basistha Dev Sarma health is deteriorating) ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ আশু আৰোগ্য কামনা কৰি বৰপেটাবাসীয়ে অনুষ্ঠিত কৰিছে বিভিন্ন অনুষ্ঠানৰ । বুঢ়া সত্ৰীয়া বাপজনাৰ আশু আৰোগ্য কামনাৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰাগংণত বন্তি প্ৰজ্বলন কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় ৷ বৰপেটাৰ অকাডেমী অৱ খোলবাদ্যৰ উদ্যোগতো বুঢ়াসত্ৰীয়া বাপজনাৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলনৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে বৰপেটাবাসীয়ে(Pray for Basistha Dev Sarma) ৷

ইপিনে ধ্ৰুপদী আৰু সত্ৰীয়া সংগীতৰ কেবাগৰাৰীও আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত শিল্পীৰ অংশগ্ৰহণেৰে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হবলগীয়া সংগীত সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী বাতিল কৰিছে আয়োজক সমিতিয়ে ৷ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ জটিল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অকাডেমী অৱ খোলবাদ্যৰ উদ্যোগত আয়োজন কৰা সংগীত সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী বাতিল কৰিছে আয়োজক সমিতিয়ে ৷ অৱশ্যে সংগীত সমাৰোহৰ আন কাৰ্যসূচী সমুহ নিৰ্দিষ্ট সময়মতেই অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে বিগত ১০ অক্টোবৰৰ পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীক (Satradhikar Basistha Dev Sarma admitted in BMCH) ৷ তাৰ পাছত উন্নত চিকিৎসাৰ বাবে ১১ অক্টোবৰত বুঢ়াসত্ৰীয়াগৰাকীক GMCH লৈ প্ৰেৰণ কৰা হয় (Satradhikar Basistha Dev Sarma admitted in GMCH) ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল বুঢ়াসত্ৰীয়াগৰাকীক ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ আশু আৰোগ্যৰ বাবে বৰপেটা সত্ৰবাসীৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনেও নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছে ৷

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ১৯৩৮ চনৰ ১ এপ্ৰিলত সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰিছিল ৷ তেখেতৰ পিতৃৰ নাম গিৰীশ চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম দময়ন্তী দেৱী আছিল ৷ বৰপেটাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল বশিষ্ঠ দেৱ শৰ্মাই ৷ তাৰ পাচত তেওঁ সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

বশিষ্ঠ দেৱ শৰ্মাই ১৯৯৩ চনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে নিৰ্বাচিত হৈছিল ৷ তেওঁ ১৪ বছৰ ধৰি বৰপেটা সত্ৰত ডেকা সত্ৰীয়া হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল ৷ তাৰ পিছত ২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে তেওঁক নিৰ্বাচিত কৰা হৈছিল ৷ সেই তেতিয়াৰ পৰাই বৰ্তমানলৈকে সত্ৰত তেওঁৰ সেৱা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Basistha Dev Sarma health is deteriorating : বশিষ্ঠ দেৱশৰ্মাৰ অৱস্থা অতি সংকটজন

Last Updated : Oct 22, 2022, 10:24 AM IST

ABOUT THE AUTHOR

...view details