বৰপেটা,1জানুৱাৰীঃআৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক মঙলবাৰে বৰপেটা কাৰাগাৰলৈ নিক্ষেপ কৰা হয় ৷ দেওবাৰে গুৱাহাটী আদালতত চলিহাক হাজিৰৰ পিচতে আদালতে ৯ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৷ আদালতে একে নিৰ্দেশমৰ্মে শৃংখল চলিহাক বৰপেটা জিলা কাৰাগাৰলৈও প্ৰেৰণ কৰে ৷ আদালতৰ নিৰ্দেশৰ ভিত্তিত শৃংখলক লৈ অহা হয় বৰপেটা জিলা কাৰাগাৰলৈ ৷
ইফালে পৰিয়ালৰ লোকে চলিহাক মঙলবাৰে কাৰাগাৰত সাক্ষাৎ কৰে ৷ সেইসূত্ৰে মাতৃ,ভগ্নীৰ লগতে পৰিয়ালৰ আন লোক উপস্থিত হয় বৰপেটাত ৷ লগতে বীৰ লাচিত সেনাৰ মুখ্য সম্পাদক আৰু সংগঠনটোৰ আন বিষয়ববীয়াসকলেও সাক্ষাৎ কৰে শৃংখলক ৷ চলিহাক সাক্ষাতৰ পিচতে শৃংখলৰ মাতৃ চৰকাৰ বিৰোধী সমালোচনাত সৰৱ হৈ পৰে ৷ মাতৃ ৰাকা চলিহাই চৰকাৰখনে পৰিয়ালটোক হাৰাশাস্তি কৰাৰ বাবেই শৃংখলক বৰপেটা কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে বুলি চৰকাৰক সমালোচনা কৰে ৷ তদুপৰি ইয়াৰ জৰিয়তে চৰকাৰখনে আন্দোলনকাৰী নেতা কৰ্মীসকলক সকীয়নি দিব বিচাৰিছে বুলিও উল্লেখ কৰে শৃংখলৰ মাতৃয়ে ৷