অসম

assam

ETV Bharat / state

বৰপেটাত পালন গুৰুজনাৰ তিৰােভাৱ তিথি : আত্মাৰ খাদ্যৰ পৰা বঞ্চিত ভক্ত - shrimanta sankardevs death anniversary observed at barpeta satra

নাম-প্ৰসংগৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ ৷ কিয়নো আজি মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি ৷

shrimanta sankardevs tirovab tithi celebrated at barpeta satra etv bharat news
বৰপেটাত পালন গুৰুজনাৰ তিৰােভাৱ তিথি মহোৎস

By

Published : Sep 8, 2021, 11:57 AM IST

বৰপেটা, 8 ছেপ্তম্বৰ :আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৷ আজি অৰ্থাৎ বুধবাৰে সমগ্ৰ ৰাজ্যৰ সত্ৰ তথা নামঘৰ সমূহত পালন কৰা হৈছে অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শণ, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ মহোৎসৱ ৷ গুৰুজনাৰ একান্ত শিষ্য মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰতো পুৱাৰে পৰা পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি ৷

মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি তথা পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হৈছে ৷ অবশ্যে কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ আজি পুৱাৰ পৰাই বৰপেটা সত্ৰত সীমিত সংখ্যক ভক্তই সত্ৰত পালিত নাম-প্ৰসংগত অংশগ্ৰহন কৰা পৰিলক্ষিত হয় ৷

গুৰুবন্দনাৰে মুখৰিত সত্ৰ নামঘৰ

লগতে পঢ়ক:অসম ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ যুঁজাৰু বিমান

সত্ৰীয়া ৰীতি অনুসৰি বৰপেটা সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় ৷ কীৰ্তন মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰত পুৱাৰ গীত আৰু ভটিমা গোৱাৰ পিছতে ঘোষাপাঠ কৰা হয় ৷ আনহাতে, সত্ৰৰ গায়ন বায়নে গুৰুঘাট পৰিৱেশন কৰি ভোজন ব্যৱহাৰ অংক ৰূপায়ন কৰে ৷

বৰপেটাত পালন গুৰুজনাৰ তিৰােভাৱ তিথি মহোৎস

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসংগ আৰু হৰি নাম-কীৰ্তনৰ ধ্বনিত এক পৱিত্ৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ৷ সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত গায়ন-বায়নৰ বিবিধ সত্ৰীয়া ৰীতি পৰম্পৰা পৰিৱেশন কৰা হয় ৷ এই প্ৰসংগত সীমিত সংখ্যক ভক্তই সভক্তিৰে অংশগ্ৰহণ কৰে ৷

নাম-প্ৰসংগৰে মুখৰিত ৰাজ্যৰ

লগতে পঢ়ক:ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই প্ৰসংগত ভাগ লোৱাৰ লগতে ভক্তসকলক আশীষ আৰু নিৰ্মালী প্ৰদান কৰে ৷ আনহাতে, পাটবাউসী, সুন্দৰীদিয়া, বাৰাদি আদি সত্ৰতো গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ সত্ৰৰ কীৰ্তন মহোৎসৱত অংশগ্ৰহন কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ক'ভিড পৰিস্থিতিৰ পৰা ৰক্ষাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ ক'ভিড পৰিস্থিতিৰ বাবে মানুহে আত্মাৰ খাদ্যৰ পৰা বঞ্চিত হ’ব লগা হৈছে বুলিও মন্তব্য কৰে বৰপেটাৰ বুঢ়াসত্ৰীয়া গোঁসায়ে ৷

লগতে পঢ়ক:গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে কলিয়াবৰত ‘গুৰু-কীৰ্ত্তন’

ABOUT THE AUTHOR

...view details