অসম

assam

ETV Bharat / state

বৰপেটাৰোডত ককায়েকে হত্যা কৰিলে নিজ ভাতৃক - মৃতদেহ মৰণোত্তৰ পৰীক্ষা

বৰপেটাৰোডত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ককায়েকে হত্যা কৰিলে নিজ ভাতৃক ৷ ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Shocking incident in assam barpetaroad, elder brother killed younger brother
নিৰ্যাতনত অতিষ্ঠ হৈ বৰপেটাৰোডত ককায়েকে হত্যা কৰিলে নিজ ভাতৃক

By

Published : Sep 9, 2020, 4:00 PM IST

বৰপেটাৰোড, 9 চেপ্তেম্বৰ :বৰপেটাৰোডৰ মাজমজিয়াত মঙলবাৰে নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ মইনুল হুছেইন নামৰ লোকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে নিজ ককায়েক মকবুল হুছেইনৰ বিৰুদ্ধে ৷

বৰপেটাৰোডত ককায়েকে হত্যা কৰিলে নিজ ভাতৃক

এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিচতে মঙলবাৰে নিশাই বৰপেটাৰোড আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মৃত অৱস্থাত মইনুল হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ককায়েক মকবুল হুছেইনক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷

অভিযোগ অনুসৰি,দীৰ্ঘদিন ধৰি ভাতৃ মইনুল হুছেইনে মদ্যপান কৰি ঘৰৰ মানুহক বিভিন্ন ধৰণে নিৰ্যাতন চলাই আহিছিল ৷ অইনদিনাৰ দৰে মঙলবাৰৰ নিশাও মইনুলে মদ্যপান কৰি পৰিয়ালৰ লোকক তীব্ৰ নিৰ্যাতন চলাই থকাৰ সময়তে নিজ ককায়েক মকবুল হুছেইনে দিকবিদিক হেৰুৱাই ভাতৃ মইনুল হুছেইনক নিজ গৃহৰ ড্ৰয়িং ৰুমতে ডেগাৰেৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰে ৷

ইতিমধ্যে,আৰক্ষীয়ে মইনুল হুছেইনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বুধবাৰে বৰপেটালৈ প্ৰেৰণ কৰি হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : মৰিগাঁৱত আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'কল

ABOUT THE AUTHOR

...view details