বৰপেটা,১ মাৰ্চঃ শিৱৰাত্ৰিলৈ মাজত মাথো কেইটামান দিন। তেনে এক সময়তে শুকুৰবাৰে বৰপেটাৰ ঐতিহাসিক শিৱাশ্ৰম বহৰি সত্ৰৰ চূড়া খহি পৰে। বৰষুণৰ ফলত আকস্মিকভাৱে খহি পৰে মন্দিৰৰ চূড়াটো ।
বৰপেটাত খহি পৰিল প্ৰাচীন শিৱ মন্দিৰৰ চূড়া
কেইবাশ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল মন্দিৰটো
বৰপেটাত খহি পৰিল প্ৰাচীন শিৱ মন্দিৰৰ চূড়া
কেইবাশ বছৰীয়া থানখনত প্ৰায় সাত দশক পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই কংক্ৰিটৰ মন্দিৰটো । জহি-খহি যাবলৈ লোৱা মন্দিৰটো অৰ্থৰ অভাৱত মেৰামতি কৰিব পৰা নাছিল থান পৰিচালনা সমিতিয়ে ৷বৰ্তমান মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছেথান পৰিচালনা সমিতিয়ে ৷