অসম

assam

ETV Bharat / state

মিঞা মিউজিয়ামে বিতৰ্কলৈ ঠেলিলে বিধায়ক শ্বেৰমান আলীক - নোৱাখালি

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰাৰ কথা কৈ সমালোচনাৰ সন্মুখীন হৈছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ ৷ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে অসমৰ কৃষ্টি-সংস্কৃতি ধ্বংস কৰাৰ বাবে এক গভীৰ ষড়যন্ত্ৰ ৰচিছে বুলি উল্লেখ কৰি বিধায়ক গৰাকীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিয়ে গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হাচিবুল ইছলামে ৷

miya museum
miya museum

By

Published : Oct 25, 2020, 9:47 PM IST

বৰপেটাৰোড, 25 অক্টোবৰ : অসমৰ কৃষ্টি-সংস্কৃতিৰ আৰাধ্যস্থান শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় দাবী কোনো পদ্যেই গ্ৰহণ যোগ্য হ’ব নোৱাৰে ৷ এই মন্তব্য সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হাচিবুল ইছলামৰ ৷ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে অসমৰ কৃষ্টি-সংস্কৃতি ধ্বংস কৰাৰ বাবে এক গভীৰ ষড়যন্ত্ৰ ৰচিচে বুলি উল্লেখ কৰি বিধায়ক গৰাকীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিয়ে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

মিঞা মিউজিয়ামে বিতৰ্কলৈ ঠেলিলে বিধায়ক শ্বেৰমান আলীক

তেওঁ কয় যে, শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ কথা কৈ গুৰুজনাক অপমান কৰিছে ৷ লগতে বংগীয়া সংস্কৃতি অসমত জাপি দিয়া কাৰ্যক সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে মানি নলয় বুলি হুংকাৰ দি কয়, অসমত মিঞা নামৰ কোনো জনগোষ্ঠীয় লোক নাই ৷ পূৰ্ব বংগীয়মূলৰ মুছলমান সকলে অসমত আহি থাকিবলৈ লোৱা খিনিকহে মিঞা বুলি বুজি পায় ৷ তেওঁ পুনৰ কয় অসমৰ ইতিহাসৰ লগত মিঞাৰ কোনো সম্পৰ্ক নাই ৷ ইতিহাসত নথকা এটি নাভূত নাশ্ৰুত শব্দলৈ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ স্থান বিচৰাটো এটা দুৰ্ভাগ্যজনক আৰু লজ্জাজনক ঘটনা বুলিও উল্লেখ কৰে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকে ৷

অসমৰ মিঞা সংস্কৃতি বুলি কলে বাংলাদেশৰ ঢাকা, নোৱাখালি, মৈমনসিঙীয়া লোক সকলৰ সংস্কৃতিকহে বুজি পায় বুলি উল্লেখ কৰি অসমত বংগীয় সংস্কৃতি সহ্য কৰা নহ’ব বুলিও সকিয়নী দি শ্বেৰমান আলী আহমেদক কয় যে, মিঞা মিউজিয়াম চৰ অঞ্চলত পাতক ৷ চৰাঞ্চলত পাতিলে বিধায়ক শ্বেৰমান আলী আহমেদৰ সহায়ক হ’ব বুলি উল্লেখ কৰে হাচিবুল ইছলামে ৷ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম পাতিবলৈ নিদিয়ে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ লগতে আগন্তুক দিনত অসমৰ কৃষ্টি-সংস্কৃতি বিনষ্ট হ’ব পৰা কাৰ্যৰ পৰা শ্বেৰমান আলী আহমেদক বিৰত থাকিবলৈ আহ্বান জনায় পৰিষদে ৷ অন্যথা সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে বিধায়ক গৰাকীক প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু বুলিও সকিয়নী প্ৰদান কৰিছে ৷

লগতে পঢ়ক :গোলাঘাটত পালন শাৰদীয় দুৰ্গোৎসৱৰ নৱমী পূজা

ABOUT THE AUTHOR

...view details