অসম

assam

ETV Bharat / state

শ্বেৰমান আলীক লগত লৈ জনীয়াত বান পৰিদৰ্শন আজমলৰ - বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টি

জনীয়াত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ বদৰুদ্দিন আজমলৰ । বান-খহনীয়া ৰোধৰ বাবে আল্লাৰ ওচৰত দুহাত তুলি প্ৰাৰ্থনা কৰে সাংসদগৰাকীয়ে (Badruddin Ajmal Visits flood affected area of Jania)। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ কান্ধত হাত থৈ সাংবাদিকৰ আগত মন্তব্য কৰে আজমলে ।

sherman-ali-with-badruddin-ajmal-visits-flood-affected-area-of-jania
শ্বেৰমান আলীক লগত লৈ জনীয়াত বান পৰিদৰ্শন আজমলৰ

By

Published : Jun 22, 2022, 12:00 PM IST

জনীয়া, 22 জুন : বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত শওপুৰত গুৱাহাটীৰ পৰা অভয়াপুৰীলৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথত সৃষ্টি হোৱা গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে জনীয়া, জাহোৰপাম আদি অঞ্চলত বানাক্ৰান্ত(Flood in Barpeta) ৰাইজৰ পৰিস্থিতিৰ কথা বুজ লয় AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে (Badruddin Ajmal Visits flood affected area of Jania) ।

শ্বেৰমান আলীক লগত লৈ জনীয়াত বান পৰিদৰ্শন আজমলৰ

ৰাজ্যিক ঘাইপথৰ খহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আল্লাহৰ ওচৰত দুহাত তুলি প্ৰাৰ্থনা কৰে সাংসদগৰাকীয়ে । আজমলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে বানাক্ৰান্ত প্ৰতিটো পৰিয়াললৈ দহ হাজাৰকৈ টকা সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনায় । লগতে প্ৰতিটো বান-খহনীয়াগ্ৰস্ত লোকক চৰকাৰে প্ৰমানপত্ৰ প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে ।

শ্বেৰমান আলীক লগত লৈ জনীয়াত বান পৰিদৰ্শন আজমলৰ

ইফালে বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে বদৰুদ্দিন আজমলৰ লগে লগে থাকি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি চৰকাৰ তথা প্ৰশাসনক তীব্ৰ সমালোচনা কৰে । সম্প্ৰতি শ্বেৰমান আলী আহমেদে এআইইউডিএফলৈ যোৱাটো প্ৰায় নিশ্চিত হোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত এআইইউডিএফ দলৰ পৰা প্ৰাৰ্থিত্ব পোৱাটোও প্ৰায় নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক :বানত পুনৰ 7 জনৰ মৃত্যু : এতিয়াও প্লাৱিত 5577 খন গাঁও

ABOUT THE AUTHOR

...view details