বৰপেটা, ২৯ জানুৱাৰী: প্ৰায়ে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali in controversy)। তেওঁৰ মুখত কেতিয়াবা যদি ৰাজনৈতিক, কেতিয়াবা আকৌ ধৰ্মীয় বিতৰ্কিত মন্তব্য । এইবাৰ অসম সাহিত্য সভাক লৈ বিতৰ্কিত মন্তব্য কৰিলে শ্বেৰমান আলীয়ে (Sherman Ali controversy over Asam Sahitya Sabha)। শ্বেৰমান আলীৰ মতে ‘‘অসম সাহিত্য সভা হিন্দুত্ববাদীৰ পাকচক্ৰত সোমাই পৰিছে ৷ যদি সাহিত্য সভাৰ এই ধাৰা অব্যাহত থাকে তেন্তে ইয়ে অসমীয়া জাতীয় সত্বাৰ প্ৰতি কাল অমানিশা নমাই আনিব ।’’
মিঞা জনগোষ্ঠীৰ প্ৰতি স্থিতি সম্পৰ্কে মন্তব্য কৰি বিধায়কগৰাকীয়ে তীব্ৰ সমালোচনা কৰে অসম সাহিত্য সভাক (Sherman Ali slams Asam Sahitya Sabha)। বাঘবৰৰ মন্দিয়াত চৰ চাপৰি সাহিত্য পৰিষদৰ মুকলি অধিৱেশনৰ সভাপতিত্ব কৰি ভাষণ প্ৰসংগত বিধায়ক শ্বেৰমান আলী আহমেদে সাহিত্য সভাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে মিঞা জনগোষ্ঠীৰ সমৰ্থনত পুনৰ সৰব হৈ পৰে ৷
লখিমপুৰৰ নাৰায়াণপুৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনক বিজেপিৰ অধিৱেশন বুলি অভিহিত কৰে বিধায়কগৰাকীয়ে ৷ অসম আন্দোলনৰ নেলী, চাউলখোৱা আদি ঘটনা স্মৰণ কৰি সেই সময়ত আন্দোলনৰ সহযোগী সংগঠন অসম সাহিত্য সভাৰ ভূমিকাকো সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷ বিগত ৪০ বছৰে মিঞাসকলক কৰা অত্যাচাৰৰ বিৰুদ্ধে অসম সাহিত্য সভাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলিও অভিযোগ কৰে বিধায়ক শ্বেৰমান আলীয়ে ৷