বৰপেটা,২ ফেব্ৰুৱাৰী :পুনৰ বিতৰ্কত বিধায়ক শ্বেৰামন আলী (MLA Sheraman Ali in controversy)। এইবাৰ বৰপেটা সত্ৰৰ ভূমি বেদখলত বাধাৰ চেষ্টা বিধায়কগৰাকীৰ । উচ্ছেদৰ পক্ষত থকা একাংশ লোকক উদ্দেশ্যি বিধায়কগৰাকীৰ ভাবুকি ।
উল্লেখ্য যে, বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই অলপতে ৰাজ্য চৰকাৰলৈ জনাইছিল আবেদন ৷ এই আবেদনৰ পাছতেই বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ ক্ৰমে জিলা প্ৰশাসন তৎপৰ হৈ পৰে । কিন্তু তেনে সময়তেই বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰদান কৰা কঠোৰ সকীয়নিক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷
বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পক্ষত থকা লোকসকলক উদ্দেশ্যি বিধায়কগৰাকীয়ে ক'লে বিজেপি চৰকাৰ গ'লেই সত্ৰৰ ভূমি উচ্ছেদৰ সৈতে জড়িত সকলৰ ওপৰত লোৱা হ'ব কঠোৰতকৈয়ো কঠোৰ প্ৰতিশোধ ৷ এনে ধৰণৰ বহু বিতৰ্কিত ভাষণ দিয়া এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । যাৰ বাবে বিভিন্ন মহলত চৰ্চা চলিছে ।
বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ ১ নং বৰদলনি গাঁৱত ৪১৩ নং দাগত থকা বৰপেটা সত্ৰৰ ৪০ বিঘা ভূমিত চলা অবৈধ বেদখল উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বাঘবৰ ৰাজহ চক্ৰ বিষয়াই ৷ ইতিমধ্যে ৩১ জানুৱাৰীত সত্ৰৰ ভূমি জোখ মাপ কৰি চাৰিওফালে খুটা পুতি থৈ আহিছিল ৰাজহ চক্ৰ বিষয়াই ৷ ইয়াৰোপৰি বেদখলকাৰীসকলক সত্ৰৰ ভূমিৰ পৰা আতৰি যোৱাৰো জাননী জাৰি কৰিছিল ৷