অসম

assam

By

Published : Jan 2, 2021, 10:54 PM IST

ETV Bharat / state

বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত 'শান্তি সদ্ভাৱনা যাত্ৰা'

বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ চিতাভস্ম লৈ আৰম্ভ কৰা 'শান্তি সদ্ভাৱনা যাত্ৰা' উলিওৱা হয় ৷ চলন্তপাৰাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা বৰপেটাৰোডৰ ৰাজীৱ ভৱনত শেষ হয় ৷ যাত্ৰাত বৰপেটা জিলা কংগ্ৰেছৰ বহু কেইগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

shanti-sadwavana-jatra-barpeta-district-congress
বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত 'শান্তি সদ্ভাৱনা যাত্ৰা'

বৰপেটাৰোড, 2 জানুৱাৰী : বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ চিতাভস্ম লৈ আৰম্ভ কৰা 'শান্তি সদ্ভাৱনা যাত্ৰা' যোগীঘোপা চলন্তপাৰাৰ পৰা বইটামাৰী, অভয়াপুৰী, মানিকপুৰ, কলগাছিয়া, সৰভোগ হৈ শনিবাৰে সন্ধিয়া বৰপেটাৰোডৰ ৰাজীৱ ভৱনত আহি উপস্থিত হয় ৷ এই যাত্ৰাত অংশ গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক ৰফিকুল হক, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি আনোৱাৰুল ইছলাম খান, বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আঞ্জুৱাৰা বেগম আৰু কংগ্ৰেছ নেত্ৰী ৰাণী বেগমে ৷

বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত 'শান্তি সদ্ভাৱনা যাত্ৰা'

ইয়াৰ পিচতেই বৰপেটাৰোডৰ ৰাজীৱ ভৱনত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অনুৰূপা হান্নান, শুভাংকৰ চন্দ,খালেকুজ্জামান, প্ৰদীপ কুমাৰ সাহা, ফাৰুক আব্দুল্লাৰক লগতে বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মী ৷

বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত 'শান্তি সদ্ভাৱনা যাত্ৰা'

উল্লেখ্য যে, বৰপেটাৰ চাউলখোৱা নৈৰ পাৰত দেওবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ চিতাভস্ম বিসৰ্জন দিয়া হ'ব ৷ উক্ত বিসৰ্জন কাৰ্যসূচীত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ লগতে বৰপেটাৰ সাংসদ আব্দুল খালেক, বিধায়ক শুকুৰ আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, শ্বেৰমান আলী আহমেদ আদি উপস্থিত থাকিব ৷

লগতে পঢ়ক: অৰুণাচলৰ পূৰ্বৱৰ্তী অঞ্চল পৰিদৰ্শন চিডিএছ জেন. ৰাৱাটৰ

ABOUT THE AUTHOR

...view details