অসম

assam

ETV Bharat / state

কলগাছিয়াৰ আমগুৰিত এগৰাকী কন্যা শিশুৰ মৃত্যুক লৈ চাঞ্চল্য

কলগাছিয়াৰ আমগুৰি গাঁৱত এটি ৯ বছৰীয়া শিশুৰ কৰুণ মৃত্যু(Child death in Kalgachia) । পাকঘৰৰ সিকিয়াত ওলমাই ৰখা পাকঘৰৰ পাত্ৰ নমাবলৈ গৈ শিশুটিৰ মৃত্যু হোৱা বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে । শিশুটিৰ অকালতে হোৱা মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে (Shadow of grief over death of a girl child) ।

nine year old dies after hanging a rope in kalgachia
কলগাছিয়াৰ আমগুৰিত শিশুৰ মৃত্যুক লৈ চাঞ্চল্য

By

Published : Aug 22, 2022, 9:11 AM IST

কলগাছিয়া,২২ আগষ্ট:দেওবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা । এটি ন বছৰীয়া শিশুৰ মৃত্যুৰ পাছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়(Shadow of grief over death of a girl child) ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, আমগুৰি গাঁৱৰ আইনাল হকৰ কন্যা আজমিনা খাতুনে পাকঘৰৰ সিকিয়াত ওলমাই থোৱা পাকঘৰৰ পাত্ৰ নমাই আনিবলৈ যাওতেই ভৰি পিছলি সিকিয়াৰ ৰছীত ওলমি পৰে । কাষত ঘৰৰ কোনো লোক নথকাত বহু সময়লৈ ওলমি থকাৰ ফলতে কন্যা শিশুটিৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছে শিশুটিৰ আত্মীয়ই । এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ ।

কলগাছিয়াৰ আমগুৰিত শিশুৰ মৃত্যুক লৈ চাঞ্চল্য

ঘটনাৰ খবৰ পাই নিশাই আইনাল হকৰ ঘৰত উপস্থিত হয় কলগাছিয়া আৰক্ষী । আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:আন্দোলনৰ ভাবুকি দি আটক হ’বলগীয়া হ’ল টেট উত্তীৰ্ণ

ABOUT THE AUTHOR

...view details