বৰপেটা ৰোড, 23 এপ্ৰিল :বৰপেটাৰোডৰ কলহভাঙ্গাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ধাবাত চলি থকা এটা দেহ ব্যৱসায়ীৰ ঘাটি দেওবাৰে উচ্ছেদ কৰে স্থানীয় ৰাইজে ৷ ধাবাখনত অনৈতিক কাৰ্য চলাই থকাৰ সময়ত স্থানীয় ৰাইজে দুগৰাকী যুৱতীসহ আন কেইবাজনো যুৱকক হাতে-লোটে ধৰে ৷ তাৰ পিচতে ৰাইজে দেহ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত যুৱককেইজনৰ লগতে দুগৰাকী যুৱতীক ৰাইজে ধৰি উত্তম-মধ্যম দিয়ে ৷ তাৰ পিচতহে আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে (Sex racket at Barpeta road) ৷
ঘটনাস্থলীত ৰপেটাৰোড আৰক্ষীয়ে দেহ ব্যৱসায়ত জড়িত যুৱতী দুগৰাকীসহ এজন যুৱকক আটক কৰি থানালৈ লৈ আনে ৷ দেহ ব্যৱসায় কৰা এগৰাকী যুৱতীৰ ঘৰ বাইহাটাত আৰু আনগৰাকী যুৱতীৰ ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গা চাইনব’ৰ্ডৰ দুয়োকাষে ৰাইজৰ বসতি আছে যদিও দীৰ্ঘদিনৰে পৰাই কাঠফুলাৰ দৰে গঢ় লৈ উঠা উক্ত ধাবাসমূহত চলি আহিছে অনৈতিক কাৰ্যকলাপ বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷ যিয়ে বিনষ্ট কৰি পেলাইছে স্থানীয় পৰিৱেশ (Human trafficking at Barpeta Road) ৷