অসম

assam

ETV Bharat / state

বেকী নদীৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে কলগাছিয়াৰ কেইবাখনো গাওঁ - Several villages in Kalgasia have been flooded by Beki river

ভৰ বাৰিষাৰ সময়ছোৱাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ভদীয়া বানৰ সংহাৰ ৷ ইয়াৰ মাজতে বেকী নদীৰ বাঢ়নি পানীয়ে বুৰাইছে কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ বহু কেইখন গাঁও ৷

several-villages-in-kalgasia-have-been-flooded-by-the-rising-waters-of-the-beki-river
বেকী নদীৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে কলগাছিয়াৰ কেইবাখনো গাওঁ

By

Published : Aug 26, 2021, 9:23 PM IST

জনীয়া,26 আগষ্ট: ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ বহু কেইখন জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ ধেমাজি, লখিমপুৰকে ধৰি বহু কেইখন জিলাৰ ঠায়ে ঠায়ে ইতিমধ্যেই ভদীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে বেকী নদীৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো গাঁও ৷ গাঁও কেইখনত বসবাস কৰা ৰাইজৰ ঘৰে ঘৰে পানী সোমোৱাত এতিয়া চৰম অসুবিধাত পৰিছে বানাক্ৰান্ত ৰাইজ ৷ বানৰ কবলত পৰি সম্প্ৰতি খাদ্যৰ সংকটত ভূগিছে পশু ধন আৰু শ শ পৰিয়াল ৷

প্ৰাপ্ত খবৰ মতে, বেকী নদীৰ বানত প্লাৱিত হৈছে কলগাছিয়াৰ বলাইপাথাৰ, কাউৰজাহী, খাৰবাল্লী, সুতিৰপাথাৰ, শওপুৰ, কাচুকাটি আদি কেইবাটাও অঞ্চল ৷ উল্লেখযোগ্য যে, ভূটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰত নৈ পৰীয়া ৰাইজৰ ঘৰে ঘৰে পানী সোমোৱাৰ ওপৰিও যাতায়ত ব্যৱস্থা ব্যাহত কৰাৰ লগতে প্লাৱিত কৰিছে সমগ্ৰ অঞ্চল ৷ ইফালে লকডাউনৰ ফলত আৰ্থিক সংকটত পৰা ৰাইজ পুনৰ বানৰ কৱলত পৰাত সৃষ্টি হৈছে এক শোচনীয় অৱস্থাৰ ৷

বেকী নদীৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে কলগাছিয়াৰ কেইবাখনো গাওঁ

বানৰ কৱলত পৰি ইতিমধ্যেই নষ্ট হৈছে অঞ্চলকেইটাৰ কৃষক ৰাইজৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ৷ যাৰ বাবে উপায়ন্তৰ হৈ চৰকাৰৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে বানাক্ৰান্ত ৰাইজে ৷ লগতে স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে বানাক্ৰান্ত ৰাইজক এবাৰো দেখা দিয়া নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বানাক্ৰান্ত ৰাইজে ৷

লগতে পঢ়কঃবাৰিষাৰ ভৰা নৈ খোজকাঢ়ি পাৰ হ’বলগীয়া এটা বিশেষ অঞ্চল...

ABOUT THE AUTHOR

...view details