অসম

assam

ETV Bharat / state

Successful story of Cow herders: দুগ্ধ উৎপাদনেৰে আত্মনিৰ্ভৰ কুলেন পাটোৱাৰী

গাখীৰ বিক্ৰী কৰিয়েই বছৰি সাত আঠ লাখ টকা উপাৰ্জন । বৰপেটা জিলাৰ গজিয়াৰ কুলেন পাটোৱাৰীয়ে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন ।

Story of Cow herders
দুগ্ধ উৎপাদনেৰে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন

By

Published : Jun 12, 2023, 2:19 PM IST

দুগ্ধ উৎপাদনেৰে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন

বৰপেটা, ১২ জুন : দুগ্ধ উৎপাদনেৰে আত্মনিৰ্ভৰ হৈছে বৰপেটা জিলাৰ গজিয়াৰ কুলেন পাটোৱাৰী । প্ৰথমতে ঘৰত আগৰে পৰা থকা গৰুকেইটাৰ যত্ন লৈছিল পাটোৱাৰীয়ে । পাছলৈ তেওঁ উপলব্ধি কৰিলে যে বিজ্ঞানসন্মত পদ্ধতিৰে গো পালন কৰি স্বচ্চলভাৱে জীয়াই থকাটো সম্ভৱ । সেয়েহে বিগত ২০০২ চনত চাৰে পাঁচ হাজাৰ টকাৰে তেওঁ থলুৱা প্ৰজাতিৰ এজনী গাই গৰু ক্ৰয় কৰে । এয়াই আছিল আৰম্ভণী ।

তেওঁ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কৃত্ৰিম প্ৰজনন আঁচনিৰ সহায়ত গৰুজনীৰ পৰা তিনিজনী বৰ্ণসংকৰ জাতৰ গাই গৰুৰ গৰাকী হয়। ইয়াৰ জৰিয়তে লাভৱান হোৱাত বিগত ২০১৪ তেওঁ বিস্তৃত পৰিসৰত বিজ্ঞানসন্মত পদ্ধতিৰে গো পালনত আগবাঢ়ে । বৰ্তমান তেওঁৰ গৰুৰ সংখ্যা হ'ল বিশটা। দুয়োবেলা গাখীৰ খিৰাই তেওঁৰ দৈনিক নব্বৈ লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন হয় । কেতিয়াবা এশ লিটাৰলৈও উৎপাদন বৃদ্ধি হয় ।

কুলেন পাটোৱাৰীয়ে উল্লেখ কৰা মতে,অকল গাখীৰ বিক্ৰী কৰিয়েই তেওঁ বছৰি সাত আঠ লাখ টকা উপাৰ্জন কৰে । এই উপাৰ্জনেৰে গো পালনৰ ভূমিৰ পৰিসৰ ক্ৰমে তেওঁ বৃদ্ধি কৰিছে । সেই ভূমিত গৰুৰ বাবে উন্নত প্ৰজাতিৰ ঘাঁহ উৎপাদনো কৰি আহিছে । বৰপেটা জিলা পশুপালন বিভাগে তেওঁৰ এনে উদ্যোগ দেখি সহায় কৰিবলৈ আগবাঢ়ি আহিছে । বিভাগটোৱে উন্নত জাতৰ ঘাঁহৰ বীজ যোগান ধৰা বুলি পাটোৱাৰীয়ে সদৰী কৰে। তেওঁৰ এনে সফলতাৰ স্বীকৃতি হিচাপে বৰপেটা জিলা প্ৰশাসনে পাটোৱাৰীক আদৰ্শ গোপালকৰ সন্মানো প্ৰদান কৰিছে ।

গো পালক পাটোৱাৰীয়ে কয় যে গো পালন পদ্ধতিৰ বিষয়ে অবগত হ'বলৈ তেওঁৰ ওচৰলৈ এতিয়া বহুলোক আহে। সেই সকলোকে পাৰ্যমানে তেওঁ সহায় সহযোগিতা আগবঢ়াই । ইপিনে,কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এখন আঁচনিখনক লৈ পাটোৱাৰীয়ে যথেষ্ট উৎসাহ প্ৰকাশ কৰে । উল্লেখযোগ্য যে বৰপেটা জিলাৰ বাবে নিৰ্ধাৰণ কৰা সামগ্ৰীবিধ হ'ল গাখীৰ । আঁচনিখনক লৈ যথেষ্ট উৎসাহিত হোৱা পাটোৱাৰীয়ে কয় যে আঁচনিখন কাৰ্যকৰী হ'লে গাখীৰ উৎপাদকসকল উপকৃত হ'ব । এই ক্ষেত্ৰত নিজৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে গাখীৰৰ উৎপাদনৰ বিপৰীতে চাহিদা কেতিয়াবা কেতিয়াবা কম হয় । তেতিয়া যথেষ্ট বিমোৰত পৰে। আঁচনিখনে গো পালক তথা গাখীৰ উৎপাদকসকলক যথেষ্ট সকাহ দিব বুলি পাটোৱাৰীয়ে আশা ব্যক্ত কৰে । ইয়াৰ লগতে আচনিখনে গো পালন আৰু গাখীৰ উৎপাদনেৰে স্বনিৰ্ভৰশীল হোৱাতো উৎসাহ যোগাব বুলিও কয় ।

লগতে পঢ়ক:Cow poachers detained:গো-মাংসকে হৰিণাৰ মাংস বুলি বিক্ৰী অসাধু চক্ৰৰ

ABOUT THE AUTHOR

...view details