অসম

assam

ETV Bharat / state

Section 144 imposed in Barpeta: গণতন্ত্ৰ দিৱসৰ পূৰ্বে বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি - Curfew in Barpeta District

বৰপেটা জিলাত জাৰি কৰা হৈছে 144 ধাৰা (Section 144 in Barpeta district) ৷ গণতন্ত্ৰ দিৱসৰ পূৰ্বে আইন শৃংখলা পৰিস্থিতিক লৈ কঠোৰ হৈ পৰা বৰপেটা জিলা প্ৰশাসনে শুকুৰবাৰৰ পৰা বলবৎ হোৱোকৈ জাৰি কৰে এই ধাৰা ৷

Section 144 impose in Barpeta
গণতন্ত্ৰ দিৱসৰ পূৰ্বে বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি

By

Published : Jan 22, 2022, 3:25 PM IST

বৰপেটা, 22 জানুৱাৰীঃ গণতন্ত্ৰ দিৱসৰ পূৰ্বে বৰপেটাত আইন শৃংখলা পৰিস্থিতিক লৈ কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এক নিৰ্দেশনা যোগে জিলাখনত জাৰি কৰিছে ১৪৪ ধাৰা (Section 144 in Barpeta district) ৷

গণতন্ত্ৰ দিৱসৰ পূৰ্বে বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি

বৰপেটা জিলাত শুকুৰবাৰৰ পৰা সকলো ধৰণৰ সভা, সমদল আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ তাৰোপৰি ৫ জন অথবা ৫ জনতকৈ অধিক ব্যক্তি একেলগ হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷

আনহাতে জিলাখনৰ ভিতৰত সকলোধৰণৰ আন্দোলনৰ কাৰ্যসূচী নিষেধ কৰা হৈছে ৷ তাৰোপৰি দা, লাঠি বা আন যিকোনো অস্ত্ৰ লৈ ফুৰা আৰু সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হ’ব পৰা সকলো তৎপৰতা বন্ধৰো নিৰ্দেশ দিছে জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷ অনিৰ্দিষ্টকালীনভাৱে জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷

লগতে পঢ়ক:দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত এতিয়াৰে পৰা বন্ধ কামৰূপৰ বনভোজস্থলী

ABOUT THE AUTHOR

...view details