জনীয়া, ৯ অক্টোবৰ :বৰপেটা জিলাৰ জনীয়াৰ ছালেহকুৰাৰ পথাৰত ২০১৮ চনত গঢ়ি উঠিছিল AIB ইটা উদ্যোগ । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বৰপেটা জিলা প্ৰশাসনে কৰা তদন্তৰ অন্তত AIB ইটা উদ্যোগ অবৈধ বুলি ঘোষণা কৰি চলিত বৰ্ষৰ ৩১ মে' তাৰিখে ছীল কৰিছিল (brick industry sealed by Barpeta administration) ।
তাৰ পিছৰে পৰা ইটা উদ্যোগটো বন্ধ হৈ আছিল । কিন্তু চলিত সপ্তাহটোত AIB ইটা উদ্যোগৰ স্বত্বাধিকাৰী ইছমাইল হুছেইনে দুৰ্গা পূজাৰ বন্ধৰ সুযোগ গ্ৰহণ কৰি প্ৰশাসনে ছীল কৰা ইটা উদ্যোগত শ্ৰমিক নিয়োগ কৰি কাম চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মাটিৰ স্বত্বাধিকাৰী ইঞ্চু মিঞাৰ লগতে স্থানীয় ৰাইজে (sealed brick industry alleged operating in Jonia) ।