বৰপেটা, 25 অক্টোবৰ : বৰপেটা সত্ৰ(Barpeta Satra)ত ভূমিকম্প(Earthquake)ৰ জোকাৰণি ! ভূমিকম্পৰ ফলত সত্ৰৰ কীৰ্তনঘৰত আহত হয় ভকত ৷ সত্ৰৰ প্ৰায় সংখ্যক ভকতৰ নিৰাপদে উদ্ধাৰ কৰা হয় ৷ ভূমিকম্পৰ ফলত সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত থকা কেইবাগৰাকীও ভকত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷
বৰপেটা সত্ৰত SDRF জোৱানৰ আপাতকালীন মকড্ৰিল অৱশ্যে কীৰ্তনঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰা ভকতসকলক ভূমিকম্পৰ পাচতে বৰপেটা সত্ৰত উপস্থিত হোৱা উদ্ধাৰকাৰী এছ ডি আৰ এফ(SDRF)ৰ দলে নিৰাপদে উদ্ধাৰ কৰে ৷ লগতে যাৱতীয় চিকিৎসা প্ৰদান কৰে ভকতসকলক ৷ সোমবাৰে পুৱাৰ ভাগত বৰপেটা সত্ৰত দেখা গ’ল ভূমিকম্পজনিত পৰিস্থিতিক লৈ ভকতৰ লৰা-ঢপৰা ৷
বৰপেটা সত্ৰত SDRF জোৱানৰ আপাতকালীন মকড্ৰিল দৰাচলতে এয়া প্ৰকৃতাৰ্থত ভূমিকম্প নহয় ৷ যিকোনো প্ৰাকৃতিক আপাতকালীন সময়ত ল’বলগীয়া সাৱধানতা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বৰপেটা সত্ৰত SDRF বাহিনীয়ে অনুষ্ঠিত কৰে এক মকড্ৰিল(Mock Drill) কাৰ্যসূচী ৷ গুৱাহাটীৰ পৰা অহা এছ ডি আৰ এফৰ 1 নং বেটালিয়নৰ জোৱানসকলে বৰপেটা সত্ৰত ভূমিকম্পজনিত পৰিস্থিতি মোকাবিলা আৰু তাৰ পাচত ল’ব লগা সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ প্ৰয়াসেৰে অংশগ্ৰহণ কৰে এই মকড্ৰিলত ৷
বৰপেটা সত্ৰত SDRF জোৱানৰ আপাতকালীন মকড্ৰিল ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত ৰাজ্যখনত ভূমিকম্পৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা আৰু সজাগতাৰ বাবে চলাই থকা অভিযানৰ অংশ হিচাপে সত্ৰত মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ বৰপেটা সত্ৰৰ লগতে বৰপেটা চহৰৰ কেইবাটাও স্থানতো এছ ডি আৰ এফ জোৱানসকলে মকড্ৰিল কাৰ্যসূচীত ভাগ লোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক:দীপাৱলীৰ বজাৰত বৰ্ধিত মূল্যৰ প্ৰভাৱ