অসম

assam

ETV Bharat / state

ধৰ্মীয় অনুষ্ঠান ধংস কৰাৰ ভাবুকিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত

ধৰ্মীয় অনুষ্ঠান ধংস কৰাৰ ভাবুকিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত ৷ পথ বহলিকৰণৰ বাবে বৰপেটাৰোডৰ বাহবাৰী গাঁৱৰ 50 বছৰ পুৰণি মন্দিৰ এটাৰ দেৱাল সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ভাঙিবলৈ দিয়া নিৰ্দেশক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷

ধৰ্মীয় অনুষ্ঠান ভাঙি দিয়াৰ হুংকাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত

By

Published : Sep 12, 2019, 6:48 AM IST

বৰপেটা, 11 ছেপ্তেম্বৰঃ ধৰ্মীয় অনুষ্ঠান ধংস কৰাৰ ভাবুকিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত ৷ পথ বহলিকৰণৰ বাবে বৰপেটাৰোডৰ বাহবাৰী গাঁৱৰ 50 বছৰ পুৰণি মন্দিৰ এটাৰ দেৱাল সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ভাঙিবলৈ দিয়া নিৰ্দেশক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷ ৰাইজৰ মতৰ বিৰুদ্ধে গৈ মন্দিৰৰ দেৱাল ভঙাৰ বাবে নিৰ্দেশনা দিলে চক্ৰ বিষয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'ব বুলিও হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৱে ৷ স্থানীয় ৰাইজৰ মতে, উক্ত স্থানত পূৰ্বতে কোনো পথ নাছিল ৷ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে মন্দিৰ কৰ্তৃপক্ষই পথৰ বাবে ঠাই এৰি দিছিল যদিও এতিয়া আৰু পথ বহল কৰাক লৈ জাঙুৰ খাই উঠিছে ৰাইজ ৷ বাহবাৰীৰ এই দুৰ্গা মন্দিৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই চৰকাৰক আহ্বান জনাইছে ৷

ধৰ্মীয় অনুষ্ঠান ভাঙি দিয়াৰ হুংকাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰপেটাত

ABOUT THE AUTHOR

...view details