বৰপেটা,৬ জুন :ৰাজ্যৰ বিভিন্ন জিলাত কৰ'ণা(corona)ৰ সংক্ৰমণ অব্যাহত আছে । তাৰ মাজতে বৰপেটা প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ ।জিলাখনৰ পূব সীমান্তৰ মাজদিয়া-গৰেমাৰীত আৰম্ভ কৰা হৈছে যাত্ৰীৰ স্ক্ৰীনিং পৰীক্ষা । দেওবাৰে ১১১৮ নং গৰেমাৰী প্ৰাথমিক বিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰা হৈছে স্ক্ৰীণিং পৰীক্ষা কেন্দ্ৰ ।
চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ চফুৰা বেগমৰ নেতৃত্বত এটি চিকিৎসকৰ দলে পুৱাৰ পৰা অন্য জিলাৰ পৰা বৰপেটা জিলালৈ অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে । মাজদিয়া আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক পবিত্ৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অন্য জিলাৰ পৰা অহা যাত্ৰীসকলক নিৰীক্ষণ কৰি আছে ৷