বৰপেটা, 11 জুনঃ বুধবাৰে এক অনুষ্ঠানত অসম মীন নিগমৰ অধ্যক্ষ অনুৰাধা শৰ্মা অধিকাৰী,ৰাজ্যিক প্ৰকল্প বিষয়া পদ্মকান্ত হাজৰিকা,প্ৰাক্তন আলফা নেতা লোহিত দেউৰী আৰু কেইবাগৰাকীও ব্যক্তিৰ উপস্থিতিত,কাপলা বিল মীন মহলত উন্নত মানৰ ৭০ কুইন্টল মাছৰ পোনা এৰি দিয়া হয় ৷ উল্লেখ্য যে,মৎস্য উৎপাদনৰ ক্ষেত্ৰত কাপলা বিল অতীতৰে পৰা যথেষ্ট আগবঢ়া যদিও,এতিয়াৰে পৰা এক নতুন পদ্ধতিৰে কাপলা বিলে অসমৰ মৎস্য উৎপাদন ক্ষেত্ৰ সমূহৰ মাজত অন্য মাত্ৰা প্ৰদান কৰিব বুলি প্ৰকাশ কৰে লোহিত দেউৰীয়ে ৷
বৈজ্ঞানিক পদ্ধতিৰে মৎস্য পালন হ'ব বৰপটাৰ কাপলা বিলত - জাতীয় অৰ্থনীতি
পৰম্পৰাগত পদ্ধতি এৰি কাপলা বিলত শুভাৰম্ভ কৰা হৈছে বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ মৎস্য উৎপাদন ৷ যিয়ে জাতীয় অৰ্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি উল্লেখ কৰে প্ৰাক্তন আলফা নেতা লোহিত দেউৰীয়ে ৷
![বৈজ্ঞানিক পদ্ধতিৰে মৎস্য পালন হ'ব বৰপটাৰ কাপলা বিলত scientific fishery in barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7576589-670-7576589-1591884310296.jpg)
scientific fishery in barpeta
বৈজ্ঞানিক পদ্ধতিৰে মৎস্য পালন হ'ব বৰপটাৰ কাপলা বিলত
প্ৰাক্তন আলফা নেতা লোহিত দেউৰীয়ে জনায় যে,এনেদৰে অসমৰ প্ৰতিখন মীন মহলে যদি অধুনিক পদ্ধতিৰে মৎস্য উৎপাদন কৰিবলৈ আগবাঢ়ি আহে,তেন্তে সমগ্ৰ দেশৰে মাছৰ বজাৰ খনত অসমৰ স্থান সুকীয়া হ'ব ৷ যাৰ ফলত অসমবাসী অন্ধ্ৰপ্ৰদেশ বা অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিব ৷ ই জাতীয় অৰ্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ৷
লগতে পঢ়কঃবাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ