গৰম বন্ধ খুলিল পিচে বন্ধ বিদ্যালয় ! - গৰম বন্ধ
গৰম বন্ধৰ পিছতে বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ বহু বিদ্যালয়ত আৰম্ভ কৰিব পৰা নাই পাঠদান , সাজু হৈ উঠা নাই বিদ্যালয়সমূহ ৷ এতিয়াও দুৰ্ভোগ ভুগি আছে বহু অঞ্চলৰ ৰাইজে ৷
![গৰম বন্ধ খুলিল পিচে বন্ধ বিদ্যালয় !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4009006-thumbnail-3x2-flood.jpg)
বৰপেটা, 1 আগষ্টঃ সমগ্ৰ ৰাজ্যত বানপানীৰ তাণ্ডৱৰ পাছত বানপীড়িত অঞ্চলসমূহৰ অৱস্থা কিছু সুস্থিৰ হৈছে যদিও এতিয়াও দুৰ্ভোগ ভুগি থাকিব লগা হৈছে বহু অঞ্চলৰ ৰাইজে৷ ৰাজ্যৰ প্ৰায় সকলো বিদ্যালয়ত গৰম বন্ধৰ পিছতে বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান । কিন্তু বহু অঞ্চলত এতিয়াও সম্ভৱ হৈ উঠা নাই পাঠদান, সাজু হৈ উঠা নাই বিদ্যালয়সমূহ৷ কলগাছিয়াৰ ৬৬৭ নং খাটাকুছি প্ৰাথমিক বিদ্যালয় এতিয়াও জলমগ্ন ৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত হৈছিল যদিও শৈক্ষিক পৰিৱেশৰ অভাৱৰ বাবেই পাঠদান আৰম্ভ কৰিব নোৱাৰিলে ৷