বৰপেটা, ১৩ ডিচেম্বৰ : ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনত এইবাৰ ভিটামিন ! ছাত্ৰ-ছাত্ৰীক পোক থকা চাউলৰ ভাত খাবলৈ নিৰ্দেশ এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ । পোক থকা ভাতত হেনো ভিটামিন থাকে, এই নাভুত-নাশ্ৰুত উপদেশ বৰপেটা নালিৰপাৰ ভাটকুছী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভানু ঠাকুৰীয়াৰ । নিজৰ খেয়াল খুছি মতে বিদ্যালয়খন চলাই আছে প্ৰধান শিক্ষয়িত্ৰী ভানু ঠাকুৰীয়াই । ছাত্ৰ-ছাত্ৰীৰ লগতে সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰীয়েও বিভিন্ন অভিযোগ তুলিছে এই গৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ।
প্ৰধান শিক্ষয়িত্ৰী ভানু ঠাকুৰীয়াৰ কাণ্ড কাৰখানাত অতিষ্ঠ হৈ বুধবাৰে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে সংবাদমাধ্যমৰ আগত দাঙি ধৰিলে ভানু ঠাকুৰীয়াৰ বিৰুদ্ধে বহুকেইটা অভিযোগ । মধ্যাহ্ন ভোজনত ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে মাত্ৰ ২ কিলো দাইল ৰান্ধিবলৈ নিৰ্দেশ দিয়ে ৰান্ধনীক । ডেৰ-দুই মাহ ধৰি ছাত্ৰ-ছাত্ৰীয়ে খাবলৈ পোৱা নাই কণী ।
ৰান্ধনীৰ অভিযোগ, ‘৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক অতি কম খাদ্য সামগ্ৰীৰে ৰান্ধি খুৱাব লাগে ৷ চাউলবোৰো বেয়া, বেছিভাগ চাউলত আছে পোক’ ৷ অভিযোগ অনুসৰি, শ্ৰেণীকোঠাত বহিবলৈ বেঞ্চৰ অভাৱ, এখন বেঞ্চতে বহিব লাগে ছয়-সাতজন ৷ খেল-ধেমালিৰ সামগ্ৰী নাই, আগৰ প্ৰধান শিক্ষকৰ দিনত ভাঙি নষ্ট হোৱা খেলৰ সামগ্ৰীৰে খেলিবলৈ নিৰ্দেশ দিয়ে প্ৰধান শিক্ষয়িত্ৰীয়ে । খেলৰ সামগ্ৰীৰ কথা ক’লে -এটা ফুটবলৰ দাম ২৫হেজাৰ টকা লাগে বুলি ছাত্ৰ-ছাত্ৰীক বুজনি দিয়ে তেওঁ । পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজেই আনিব লাগে বহী-কাগজ ।