অসম

assam

ETV Bharat / state

বৰপেটাৰ পালহাজীত কৃষক মুক্তিৰ বৃহৎ প্ৰতিবাদী সমদল - প্ৰতিবাদ

সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

BORPETA

By

Published : Feb 9, 2019, 10:54 PM IST


বৰপেটা, ৯ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদ নগৰ চহৰৰ পৰা ক্ৰমাৎ সম্প্ৰসাৰিত হৈছে ভিতৰুৱা গ্ৰামাঞ্চললৈও ৷

BORPETA

শনিবাৰে বৰপেটাৰ পালহাজীৰ বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদত নামিল সহস্ৰাধিক ছাত্ৰ ছাত্ৰী ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পালহাজী আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত পালহাজীত বৃহৎ প্ৰতিবাদী সমদলত অংশ লৈ হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী তোলে ৷ অঞ্চলটোৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় ছুটীৰ পিচত বিদ্যালয়ৰ পৰা ওলাই আহি বিধেয়ক বিৰোধী এ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ৷ আনহাতে প্ৰতিবাদী সমদল কাৰ্যসূচীৰ লগতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাখনত অংশগ্ৰহণ কৰি যিকোনো মূল্যৰ বিনিময়ত হ'লেও নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ বাবে বদ্ধপৰিকৰ বুলি নিজৰ স্থিতি দোহাৰে কৃষক নেতাসকলে ৷

ABOUT THE AUTHOR

...view details