অসম

assam

ETV Bharat / state

মাদ্ৰাছৰ মাটি বিক্ৰীক কেন্দ্ৰ কৰি অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া - মাদ্ৰাছৰ মাটি বিক্ৰী

অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় সমূহৰ পৰিচালনা কমিটি গঠন কৰিবলৈ দিয়া নিৰ্দেশ মৰ্মে যোৱা ৬ ডিচেম্বৰত আদিতপুৰ এম ই মাদ্ৰাছত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । সভাত উপস্থিত ৰাইজে প্ৰচিডিং বহীত চহী কৰিবলৈ লওঁতেই মাদ্ৰাছা খনৰ মাটি বিক্ৰী সংক্ৰান্তে এক প্ৰস্তাব লোৱা চকুত পৰে । মাদ্ৰাছাৰ মাটি বিক্ৰী সংক্ৰান্তে লোৱা প্ৰস্তাৱ দেখি সচেতন মহলৰ চকু কপালত উঠে ।

মাদ্ৰাছৰ মাটি বিক্ৰীক কেন্দ্ৰ কৰি অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া
মাদ্ৰাছৰ মাটি বিক্ৰীক কেন্দ্ৰ কৰি অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

By

Published : Dec 18, 2020, 4:18 PM IST

জনীয়া,18 ডিচেম্বৰঃবৰপেটা জিলাৰআদিতপুৰ এম-ই মাদ্ৰাছৰ মাটি বিক্ৰীক কেন্দ্ৰ কৰি অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, আদিতপুৰ এম-ই মাদ্ৰাছৰ পূৰ্বৰ পৰিচালনা সমিতিৰ হেচাত প্ৰধান শিক্ষকে মাটি বেচা-কিনাৰ অনুমতি ওলিয়াবলৈ চহী কৰিছিল । এইক্ষেত্ৰত বৰ্তমানৰ সভাপতি গৰাকীয়ে ভুল কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে ।

মাদ্ৰাছৰ মাটি বিক্ৰীক কেন্দ্ৰ কৰি অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া
ঘটনা অনুসৰি অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় সমূহৰ পৰিচালনা কমিটি গঠন কৰিবলৈ দিয়া নিৰ্দেশ মৰ্মে যোৱা ৬ ডিচেম্বৰত আদিতপুৰ এম ই মাদ্ৰাছত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । সভাত উপস্থিত ৰাইজে প্ৰচিডিং বহীত চহী কৰিবলৈ লওঁতেই মাদ্ৰাছা খনৰ মাটি বিক্ৰী সংক্ৰান্তে এক প্ৰস্তাৱ লোৱা চকুত পৰে । মাদ্ৰাছাৰ মাটি বিক্ৰী সংক্ৰান্তে লোৱা প্ৰস্তাৱ দেখি সচেতন মহলৰ চকু কপালত উঠে ।

ইপিনে মাদ্ৰাছা খনৰ নামত থকা টি এন ডি বজাৰৰ সমীপৰ কোটি টকা মূল্যৰ মাটিৰ পৰিবৰ্তে পথাৰৰ মাজত ৩ লাখ টকা মূল্যৰ এবিঘা মাটিৰ বিনিময়ত টিএনডি বজাৰৰ কোটি টকীয়া মাটি বিক্ৰী কৰা বুলি ৰাইজে মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ ওপৰত অভিযোগ আনিছে । সম্প্ৰতি ৰাইজে টিএনডি বজাৰৰ মাটি মাদ্ৰাছা খনৰ নামত ঘূৰাই বিচাৰিছে । ৰাইজক এন্ধাৰত ৰাখি যি সকল ব্যক্তিয়ে মাদ্ৰাছা খনৰ মাটি বিক্ৰী কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লোৱাৰ ভাবুকি প্ৰদান কৰিছে অভিভাৱক ৰাইজে ৷

লগতে পঢ়কঃ ৰঙিয়াত পকী দলং নিৰ্মাণত অনিয়ম, তিনি বছৰে সম্পূৰ্ণ নহ'ল পকী দলং

ABOUT THE AUTHOR

...view details