বৰপেটা, 4 ছেপ্তেম্বৰ: চৰকাৰে শিক্ষাৰ উন্নয়নৰ কথা কৈ যিমানেই কথাৰ ফুলজাৰি নামাৰক কিয়, কিন্তু এতিয়াও চৰকাৰী খণ্ডৰ বহু বিদ্যালয়ৰ অৱস্থা অতি জৰাজীৰ্ণ হৈ থকা পৰিলক্ষিত হৈছে ৷ বহু বিদ্যালয়ৰ নাই শ্ৰেণীকোঠা, নাই ছাত্ৰ-ছাত্ৰী বহাৰ বাবে ডেস্ক বেঞ্চ ৷
চৰকাৰে বিদ্যালয় সমূহৰ আন্তঃ গাঁঠনিৰ উন্নয়ন, চকী-মেজ, ডেস্ক-বেঞ্চ আদি ক্ৰয়ৰ বাবে প্ৰতিবছৰে ধন আৱন্টন দিয়ে যদিও চৰকাৰে প্ৰদান কৰা ধন প্ৰধান শিক্ষকৰ পকেটত সোমোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ সচেতন ৰাইজৰ অভিযোগ, একাংশ শিক্ষকে শিক্ষকতাৰ বৃত্তিটোক যেন সহজে ধন আহৰণৰ কৰাৰ এক উৎস হিচাপেহে গ্ৰহণ কৰি আহিছে ৷
বৰপেটাত বিদ্যালয়ৰ উন্নয়নৰ নামত আৱন্টিত পুঁজি সোমায় প্ৰধান শিক্ষকৰ পকেটত লগতে পঢ়কঃ বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট
আজি আপোনালোক জনাম বৰপেটাৰ জিলাৰ ঢকুৱা উত্তৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয় আৰু গান্ধীপাৰা প্ৰাথমিক বিদ্যালয় দুখনৰ অৱস্থাৰ বিষয়ে ৷ ঘটনা অনুসৰি বৰপেটাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই শনিবাৰে বিদ্যালয় দুখন পৰিদৰ্শন কৰাৰ সময়ত পোহৰলৈ আহে বিদ্যালয়খনত সংঘটিত হৈ অহা দুৰ্নীতিৰ বিষয়টো ৷
বৰপেটাত বিদ্যালয়ৰ উন্নয়নৰ নামত আৱন্টিত পুঁজি সোমায় প্ৰধান শিক্ষকৰ পকেটত উল্লেখযোগ্য যে, বিদ্যালয়ৰ উন্নয়নৰ নামত অহা ধন শৰাধ কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷ আনহাতে গান্ধীপাৰা বিদ্যালয়ত আকৌ দুই পতি পত্নী শিক্ষকে নিজ ইচ্ছামতেই চলাই আছে বিদ্যালয়খন ৷ নাই কোনো নীতি নিয়ম ৷
বৰপেটাত বিদ্যালয়ৰ উন্নয়নৰ নামত আৱন্টিত পুঁজি সোমায় প্ৰধান শিক্ষকৰ পকেটত ইপিনে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বিদ্যালয় দুখনৰ এনে অৱস্থা প্ৰত্যক্ষ কৰি হতচকিত হৈ পৰে ৷ তাৰ পাছতে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বিদ্যালয়ৰ উন্নয়নৰ ধন ক'ত কিদৰে ব্যয় কৰা হৈছে, তাৰ হিচাপ দাখিল কৰিবলৈ দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিৰ্দেশ দিয়ে ৷
লগতে পঢ়কঃ হোজাইত মেট্ৰিকৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ