বৰপেটা ,১৬ জুনঃ ৰাজ্য়ত বিগত কেইবাদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন ( Rain Hits In Assam।) সমান্তৰালভাৱে ইয়াৰ প্ৰভাৱ পৰিছে শিক্ষাৰ ক্ষেত্ৰতো । ইতিমধ্য়ে বানপানীৰ লগতে ভূমিস্খলনৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছে ৰাজ্য়ৰ শিক্ষানুষ্ঠান । বৰপেটা জিলাতো অহা ১৮ জুনলৈকে বান পৰিস্থিতিৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে (Educational Institutions will closed till June 18 At Barpeta District) ৷) বৰপেটাৰ জিলা উপায়ুক্তই বৃহস্পতিবাৰে এক নিৰ্দেশনা যোগে জিলাখনৰ সকলোবোৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৷
প্ৰবল বৃষ্টিপাতৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা অহা ১৮ জুনলৈকে শিক্ষানুষ্ঠান সমুহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে উপায়ুক্তই ৷ অবশ্যে এই ক্ষেত্ৰত SEBA, AHEC আৰু বিশ্ববিদ্যালয়ৰ অধীনত চলি থকা কোনো পৰীক্ষাৰ বাবে কিছু নিয়ম বান্ধি দিয়া হৈছে ।