বৰপেটা,২ আগষ্ট: ‘‘আমি বিদ্যালয়খন এৰি যাব নোৱাৰো । লাগিলে আমি নপঢ়ো । আমাৰ বিদ্যালয়খন কাকো নিবলৈ নিদিওঁ । আমি বিদ্যালয়খন কাকো ভাঙিবলৈ নিদিও । হিমন্ত মামাক অনুৰোধ আমাক বিদ্যালয়খন ঘূৰাই দিয়ক ।’’ এয়া, বৰপেটাৰ হিলেপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মন্তব্য ৷ তেওঁলোক আজি নিৰুপায়, তেওঁলোক আজি অসহায় । কিয়নো ইমানদিনে তেওঁলোকে অধ্যয়ন কৰি অহা বিদ্যালয়খন এতিয়াৰ পৰা আৰু নাই । একত্ৰীকৰণ কৰা হ'ল আন এখন বিদ্যালয়ৰ সৈতে ।
বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ এখন অতি পিচপৰা গাঁও হিলেপাৰা ৷ এই গাঁওখনত থকা প্ৰাথমিক বিদ্যালয়খন বন্ধৰ বাবে শিক্ষা বিভাগে দিয়া নিৰ্দেশক লৈ কণ কণ শিশুসকলৰ লগতে গাঁওবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ৷ গাঁওবাসীৰ অভিযোগ যে, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবেই হিলেপাৰা প্ৰাথমিক বিদ্যালয়খন বৰপেটা জিলাৰে আমৃখোৱা প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে ৷