বৰপেটা, 2 চেপ্তেম্বৰঃ বৰপেটা জিলাৰ সৰভোগ গ্ৰাম্য পথ উপ-সংমণ্ডলৰ তথা কলগাছিয়া শাখাৰ অন্তৰ্গত এটা পথ নিৰ্মাণৰ তিনিমাহ পিছতেই জহি-খহি গৈ যাতায়াতৰ ক্ষেত্ৰত অচল হৈ পৰিছে । কলগাছিয়া ষ্টেট বেংক শাখাৰ পৰা মাজৰ চৰলৈ যোৱা গড়কাপ্তানী পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ S.O.P.D (G) আঁচনিৰ অধীনত প্ৰায় এক কিলোমিটাৰ পথ আবন্টন কৰা হৈছিল । প্ৰদীপ দাস নামৰ ঠিকাদাৰজনে পেভাৰ ব্লকেৰে নিৰ্মাণ কৰিবলগীয়া পথটোৰ ঠিকা লাভ কৰি বিধায়ক আব্দুল খালেক আৰু তেতিয়াৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে পথটো উদ্বোধন কৰিছিল । কিন্তু নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ বাবে তিনিমাহ পিছতেই পথটো বহি যোৱাৰ লগতে পেভাৰ ব্লকৰ সুৰক্ষা ভীম ভাঙি পৰে। যাৰ ফলত পথটো যাতায়তৰ ক্ষেত্ৰত অচল হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ।
কলগাছিয়াত পথ নিৰ্মাণত দুৰ্নীতি,ক্ষোভিত ৰাইজ - কলগাছিয়াত পথ নিৰ্মাণত দুৰ্নীতি,ক্ষোভিত ৰাইজ
নিৰ্মাণৰ ৩ মাহ পিছতেই জহি-খহি গল কলগাছিয়া-মাজেৰ চৰ সংযোগী পথ । নিম্নমানৰ পথ নিৰ্মাণৰ অভিযোগ ৰাইজৰ । তদন্ত কৰি পুনৰ পথটো নিৰ্মাণৰ দাবী ৰাইজৰ ।
কলগাছিয়াত পথ নিৰ্মাণত দুৰ্নীতি,ক্ষোভিত ৰাইজ
ৰাইজে পথ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ প্ৰদীপ দাসে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ এই ক্ষেত্ৰত পথ নিৰ্মাণত জড়িত থকা বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ উপৰি পথটো পুনৰ নিৰ্মাণৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্বৰ ওচৰত দাবী জনাইছে ।