জনীয়া, ২৫ মাৰ্চ:কলগাছিয়াৰ তাপাজুলি পাথাৰ গাঁৱত কালভাৰ্ট নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ-অনিয়মৰ অভিযোগ উত্থাপিত হৈছে (Allegation of Scam in NREGA)। দুবছৰেই সম্পূৰ্ণ নহ'ল কলভাৰ্ট নিৰ্মাণৰ কাম। ফলত ৰাইজে যাতায়তত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে । সোণাপুৰ ৰুভী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ অভিযোগ । এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বৰপেটা জিলাৰ লোকপালে ।
বৰপেটা জিলাৰ ৮৩ নং সোণাপুৰ ৰুভী গাঁও পঞ্চায়তৰ তাপাজুলি গাঁৱত সম্প্ৰতি চলি থকা ব্যপক দুৰ্নীতিয়ে ৰাইজৰ চকু কপালত তুলিছে (Scam in Sonapur Ruvi Village Panchayat)। গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই দুৰ্নীতিৰ অভিযোগ । মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮৩ নং সোণাপুৰ ৰুভী গাঁও পঞ্চায়তৰ টাপাজুলি পাথাৰ গাঁৱত ২০২০-২১ চনৰ এমজি এনৰেগাৰ কাম আৰম্ভ হৈছিল (Mandia Development Block) ৷ ইয়াৰ পিছতো আজিলৈকে কলভাৰ্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।
উল্লেখ্য যে হামিদ আলী গাঁওবুঢ়াৰ ঘৰৰ পৰা চুলতান আলীৰ ঘৰলৈ এটা এগ্রিল বান্ধৰ লগতে কলভাৰ্ট নিৰ্মাণৰ বাবে চৰকাৰে ৩০ লাখ ২৬ হাজাৰ ৯৯৪ টকাৰ আবণ্টন দিছিল । ইয়াৰে এগ্ৰিল বান্ধৰ নামমাত্ৰ কাম কৰিয়েই দায়িত্ব সামৰিলে পঞ্চায়ত সভানেত্ৰীয়ে । ইপিনে, কলভাৰ্ট নিৰ্মাণৰ নামত আৱন্টিত ধনো কাম নকৰাকৈয়ে সৰকোৱাৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে ফলক আঁৰিছে যদিও দুবছৰ উকলি যোৱাৰ পিছতো কলভাৰ্ট নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই ।