জনীয়া,15 অক্টোবৰ:চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বন বিভাগ ৷ উত্তৰ কামৰূপৰ বন সংমণ্ডলৰ কাৰ্যালয়ৰ বন সংমণ্ডল বিষয়াৰ তত্বাৱধানত বৰপেটাৰোড বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলে এক অভিযান চলাই জনীয়াৰ কলগাছিয়া, গুণিয়ালগুৰি আৰু বলাইপথাৰ গাঁৱৰ পৰা তিনিটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে এটা যন্ত্ৰ সহ লক্ষাধিক টকা মূল্যৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷
বন বিভাগৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ কাঠ
কলগাছিয়াত বন বিভাগৰ অভিযান । কাঠফলা মিলৰ লগতে জব্দ লক্ষাধিক মূল্যৰ কাঠ ।
লক্ষাধিক মূল্যৰ কাঠ জব্দ
বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰি পৰৱৰ্তী সময়ত বৰপেটাৰ কৰাৰকুৰ, শওপুৰ আদি অঞ্চলতো অবৈধভাৱে চলি থকা বালি খননৰ বিৰুদ্ধেয়ো তীব্ৰ অভিযান চলাব বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে, এইক্ষেত্ৰত স্থানীয় আৰক্ষী আৰু চক্ৰ বিষয়াৰো গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বন বিষয়াগৰাকীয়ে ৷