অসম

assam

ETV Bharat / state

বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা

ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত হোলীগীত আৰু ভোৰতাল নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্যেশ্যৰে বৰপেটাত আৰম্ভ হৈছে হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা ৷

বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা
বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা

By

Published : Jan 19, 2021, 11:32 AM IST

Updated : Jan 19, 2021, 12:23 PM IST

বৰপেটা,১৯ জানুৱাৰী: বৰপেটাৰ সত্ৰীয়া সংস্কৃতিক বিশেষভাৱে সমৃদ্ধ আৰু মহীয়ান কৰা হোলীগীত আৰু ভোৰতাল নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্যেশ্যৰে বৰপেটাত আৰম্ভ হৈছে হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা ৷ ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত কৰা হৈছে ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা ৷

বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা

পিক্সি মুভিজ আৰু একাডেমী অৱ খোলবাদ্যৰ সহযোগত ১১ দিনীয়াকৈ আৰম্ভ হোৱা হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাখন ৷ বৰপেটাৰ ৰাখালথানত সোমবাৰে শুভ উদ্বোধন কৰা হয় কৰ্মশালা ৷ সত্ৰনগৰী বৰপেটাৰ ৰাখালথানত অনুষ্ঠিত কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ লগতে ভূদেৱ দাস, কবিন দাসকে ধৰি কেবাগৰাকীও শিল্পীয়ে অংশগ্ৰহন কৰে ৷ নকুল দাস, বিপুল ওজা, মনোজ কুমাৰ দাস আৰু কবিন দাস আদি শিল্পী সকলে প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া কৰ্মশালাখন ২৮ জানুৱাৰীত সামৰণি পৰিব ৷

বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা

লগতে পঢ়ক:কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দেহশ্ৰী প্ৰতিযোগিতা

Last Updated : Jan 19, 2021, 12:23 PM IST

ABOUT THE AUTHOR

...view details