অসম

assam

ETV Bharat / state

কিষান সন্মান নিধিত দুৰ্নীতিঃ কৃষি বিষয়াৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি - সৰৱ

বৰপেটা জিলাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইছলামে । অভিযোগ মতে, জিলাখনৰ আই ডি প্ৰাপ্ত প্ৰতিজন কৃষকৰ আই ডি আৰু পাছৱৰ্ড একাংশ দুৰ্নীতি গ্ৰস্ত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰক ৫০ ৰ পৰা ৭০ হেজাৰ টকাত বিক্ৰী কৰে । অতি শীঘ্ৰে প্ৰশাসনক তদন্ত কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷

কৃষি বিষয়াৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

By

Published : Aug 8, 2019, 11:13 AM IST


বৰপেটা, 8আগষ্ট: বৰপেটাত প্ৰধান মন্ত্ৰী কিষান সন্মান নিধি আঁচনিত ব্যাপক দুৰ্নীতি । কৃষি বিষয়াই আই ডি আৰু পাছৱৰ্ড বিক্ৰীৰ অভিযোগ ।

কৃষি বিষয়াৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি


প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ বাবে কিষান সন্মান নিধি আঁচনি নামৰ এক আঁচনি উদ্বোধন কৰিছিল । আঁচনি মতে ১৮ ৰ উৰ্ধৰ আৰু ৬০ ৰ তলৰ সকলো কৃষকক ২ হেজাৰকৈ তিনিটা কিস্তিত মুঠ ৬ হেজাৰ টকা আবন্টন দিছিল । কিন্তু এই আচঁনিত বৰপেটা জিলাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইছলামে । অভিযোগ মতে, জিলাখনৰ আই ডি প্ৰাপ্ত প্ৰতিজন কৃষি বিষয়াই নিজৰ আই ডি আৰু পাছৱৰ্ড একাংশ দুৰ্নীতি গ্ৰস্ত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰক ৫০ ৰ পৰা ৭০ হেজাৰ টকাত বিক্ৰী কৰে । ফলত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰে হিতাধিকাৰীয়ে আৱেদন কৰাৰ সময়ত ৫০০ টকা আৰু আঁচনিৰ ধন উঠোৱাৰ সময়ত ২ হেজাৰৰ পৰা ১ হেজাৰ টকা আদায় দিব লগা হয় । ইয়াৰ উপৰিও এই গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা কোনোধৰণৰ ভেৰিফিকেচন নোহোৱাকৈ কেন্দ্ৰৰ অধীনত থকা সকলো শ্ৰেণীৰ গ্ৰাহকৰ একাউণ্টত দিছে আঁচনিৰ ধন । এই ঘটনাত ক্ষুব্ধ হৈ অতি শীঘ্ৰে প্ৰশাসনক তদন্ত কৰিবলৈ আহ্বান জনাইছে ৷ যদি চৰকাৰ তথা প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জংগী আন্দোলনৰ কার্যসূচী হাতত লোৱাৰ কথা ব্যক্ত কৰে ছাত্ৰ মুক্তি সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details