অসম

assam

ETV Bharat / state

বৰপেটাত ছাত্ৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - বৰপেটা

ছাত্ৰ ফেডাৰেচন ইণ্ডিয়া চমুকৈ এছ এফ আইৰ বৰপেটা জিলা কমিটিৰ উদ্যোগত বৰপেটাৰোডৰ শিমলাগুৰিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ খালী হৈ থকা শিক্ষকৰ পদ পূৰণ কৰা, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ কৰা, পাঁচ জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে, বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

বৰপেটাত বিভিন্ন দাবীৰ সমৰ্থনত ছাত্ৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

By

Published : Nov 10, 2019, 12:02 AM IST

বৰপেটা ৯ নৱেম্বৰঃ ছাত্ৰ ফেডাৰেচন ইণ্ডিয়া চমুকৈ (এছ এফ আই)ৰ বৰপেটা জিলা কমিটীৰ উদ্যোগত বৰপেৰোডৰ শিমলাগুৰিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদ পূৰণ কৰা আৰু মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ বন্ধ কৰা আদিকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

বৰপেটাত বিভিন্ন দাবীৰ সমৰ্থনত ছাত্ৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ছাত্ৰ ফেডাৰেচন ইণ্ডিয়া চমুকৈ এছ এফ আইয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদ পূৰণ কৰা, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ কৰা, কোচ-ৰাজবংশী সহ অন্যান্য পাঁচ জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ কৰা আদিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়াণ কৰে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰে । প্ৰতিবাদস্থলীত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সংগঠনটোৰ সৈতে অংশগ্ৰহণ কৰে । প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো ধৰনৰ যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ প্ৰতিবাদস্থলীত আৰক্ষী আৰু চিআৰপিএফৰ জোৱান উপস্থিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিবলৈ ছাত্ৰ সংগঠনটোক আহ্বান জনায় ৷ ইয়াৰ পাছতেই প্ৰতিবাদস্থলীত বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়াই উপস্থিত হৈ এছ এফ আইৰ ছয়দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ গ্ৰহণ কৰে । আৰু উক্ত দাবী সমূহ পূৰণৰ বাবে উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ আশ্বাস দিয়াত ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details