অসম

assam

ETV Bharat / state

বৰপেটাত সতী ৰাধিকাৰ ৫৬৬ সংখ্যক জন্মোৎসৱ পালন - 566th birth anniversary of Sati Radhika

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠা সেৱিকা সতী ৰাধিকা শান্তিৰ ৫৬৬ সংখ্যাক জন্মজয়ন্তী উপলক্ষে বৰপেটাত বিশেষ অনুষ্ঠান (Sati Radhika birth anniversary celebration)। বিভিন্ন কাৰ্যসূচীৰে তিনিদিনীয়াকৈ ৰায়তপাৰাত জন্মজয়ন্তী পালন । নৱ প্ৰজন্মক সতী ৰাধিকা শান্তিৰ আদৰ্শ ল'বলৈ আহ্বান বিভিন্নজনৰ ।

Barpeta
বৰপেটাত সতী ৰাধিকাৰ ৫৬৬ সংখ্যক জন্মোৎসৱ পালন

By

Published : Sep 11, 2022, 11:57 AM IST

বৰপেটা, ১১ ছেপ্টেম্বৰ :সত্ৰনগৰী বৰপেটাৰ ৰায়তপাৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠা সেৱিকা সতী ৰাধিকা শান্তিৰ ৫৬৬ সংখ্যাক জন্মোৎসৱ পালন (566th birth anniversary of Sati Radhika) ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বৰপেটা ৰায়তপাৰা নামঘৰত পালন কৰা হৈছে আই সতী ৰাধিকা শান্তিৰ জন্মজয়ন্তী । জন্মজয়ন্তী উপলক্ষে শনিবাৰে অনুষ্ঠিত সোঁৱৰণী সভাত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ লগতে থানেশ্বৰ মালাকাৰ, ডঃ ধ্ৰুৱ কুমাৰ পাঠক, ডঃ বাবুল দাস, দিলীপ দাস আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে (Sati Radhika birth anniversary at Barpeta) ৷

বৰপেটাত সতী ৰাধিকাৰ ৫৬৬ সংখ্যক জন্মোৎসৱ পালন

সোঁৱৰণী সভাত অংশ লোৱা প্ৰতিগৰাকী বিশিষ্ট বক্তাই ৰাধিকা আইৰ জীৱনৰ গুণানুকীৰ্তন কৰাৰ লগতে মহীয়সী নাৰী সতী ৰাধিকা শান্তি কৈৱৰ্ত কুলৰ হৈয়ো বৰদোৱাৰ ওচৰত টেম্বুৱানী জান বন্ধা কামত নিজকে সমৰ্পিত কৰিছিল । সমাজৰ নিম্নকুল হিচাপে পৰিচিত কৈৱৰ্ত সমাজখনক কিদৰে জগতত প্ৰতিষ্ঠা কৰি যাবলৈ তেওঁ সক্ষম হৈছিল সেই সম্পৰ্কে বক্তাসকলে সভাত উল্লেখ কৰে ৷

বক্তাসকলে উল্লেখ কৰা মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আই ৰাধিকাৰ জৰিয়তে বান্ধ নিৰ্মাণ কৰি সমাজখনত চলি অহা উচ্চ-নীচ ভেদভাৱ আঁতৰাবলৈ কৰা প্ৰয়াসৰ জৰিয়তে সমাজত সম অধিকাৰ প্ৰতিষ্ঠা আৰু নাৰী সবলীকৰণৰো দিশ উন্মোচন কৰি গৈছে ৷ আই সতী ৰাধিকা শান্তিৰ দৰে এগৰাকী অনাখৰী মহীয়সী নাৰীয়ে সমাজক দেখুৱাই থৈ যোৱা আত্মবিশ্বাস, মনৰ দৃঢ়তা আৰু সমাজক বাট দেখুওৱা চিন্তা চেতনা আজিৰ নাৰীৰ বাবেও অনুকৰণীয় বুলি বিশিষ্ট ব্যক্তিসকলে উল্লেখ কৰে ৷ অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে কণ্ঠশিল্পী মৌচুমী হাজৰিকা, গীতাঞ্জলি হাজৰিকা আৰু কৰৱী পাঠকে গীত পৰিবেশন কৰে ।

লগতে পঢ়ক :ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details