অসম

assam

ETV Bharat / state

ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে 100 দিনৰ চৰকাৰ বুলি প্ৰচাৰ চলাইছে !

"ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে 100 দিনৰ চৰকাৰ বুলি প্ৰচাৰ চলাইছে ৷ কেৱল মুখ্যমন্ত্ৰীহে বদলি হৈছে ৷ 2016 চনৰ পৰাই চলিছে বিজেপি চৰকাৰ"- এই মন্তব্য CPIM নেতা তথা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷

Sarvoj MLA Entertainment Talukdar at CpiM general meeting in Kalgachia etv bharat assam news
বিধায়ক মনোৰঞ্জন তালুকদাৰ

By

Published : Aug 22, 2021, 1:39 PM IST

জনীয়া, 22 আগষ্ট :"বিজেপিয়ে অসমখনক ধ্বংসৰ পথলৈ ঠেলি দিছে"-এই মন্তব্য সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷ কলগাছিয়াৰ কে কে পাঠক হাইস্কুলত অনুষ্ঠিত চিপিআইএম (CPIM) ৰ সাধাৰণ সভাত উপস্থিত হয় সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ । এই সাধাৰণ সভাত উপস্থিত হৈ বিধায়কগৰাকীয়ে বিভিন্ন মন্তব্য আগবঢ়ায় ৷

পুৰোহিতসকলক চৰকাৰে টকা দিয়া বিষয়টোক গুৰুত্বপূৰ্ণ বুলি নাভাবে তালুকদাৰে । তালিবানৰ বিৰোধিতা কৰাৰ লগতে আফগানিস্তানৰ ভৱিষ্যত অন্ধকাৰ বুলি কয় বিধায়কগৰাকীয়ে ৷ ইয়াৰোপৰি "ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে 100 দিনৰ চৰকাৰ বুলি প্ৰচাৰ চলাইছে ৷ কেৱল মুখ্যমন্ত্ৰীহে বদলি হৈছে ৷ 2016 চনৰ পৰাই চলিছে বিজেপি চৰকাৰ বুলি মন্তব্য কৰে বিধায়ক তালুকদাৰে ।

ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে 100 দিনৰ চৰকাৰ বুলি প্ৰচাৰ চলাইছে

বিজেপিয়ে অসমখনক ধ্বংসৰ পথলৈ ঠেলি দিছে। বিজেপি চৰকাৰ হল ফেচিবাদী চৰকাৰ।" এইদৰে মন্তব্য কৰাৰ লগতে কলগাছিয়াত অনুষ্ঠিত চি পি আই এমৰ কলগাছিয়া লোকেল কমিটিৰ সাধাৰণ সভাত উপস্থিত থাকি সৰভোগ সমষ্টিৰ চি পি আই এম(CPIM) ৰ বিধায়ক গৰাকীয়ে বানপানীৰ পিছতেই নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰ লৈকে বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰৰ লগত আলোচনা কৰি বিহিত ব্যৱস্থা হাতত লব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷

বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে শুকুৰবাৰে 100 দিন সম্পূৰ্ণ কৰিলে ৷ মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে অনুষ্ঠিত হোৱা চতুৰ্দশ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত ৷ গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে ৷

সেইদৰে আন্তঃজিলা বাছ সেৱা বন্ধ হৈ থকাৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা বাছৰ চালক আৰু হেণ্ডিমেনসকলৰ বাবে কেবিনেটে পেকেজ ঘোষণা কৰিছে ৷ সেই অনুসৰি, বাছ চালক আৰু হেণ্ডিমেনসকলক ৰাজ্য চৰকাৰে 10 হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ৷ ইয়াৰ দ্বাৰা 60 হাজাৰ লোক উপকৃত হ'ব ৷ এই সাহায্য প্ৰদানৰ বাবে পৰিবহন বিভাগে এটা পৰ্টেল মুকলি কৰিব ৷ আনহাতে মন্দিৰৰ পূজাৰী আৰু নামঘৰৰ নামঘৰীয়াক চৰকাৰে 15 হাজাৰ টকাৰ আৰ্থিক সাহায্য দিব ৷ বুলি ঘোষনা কৰে ৷

লগতে পঢ়ক:ধুবুৰীত আৰক্ষীৰ জালত দুই তালিবানী সমৰ্থক

ABOUT THE AUTHOR

...view details