অসম

assam

ETV Bharat / state

সৰভোগত বৃহৎ পৰিমাণৰ সুৰা জব্দ

ৰাজ্যজুৰি অব্যাহত আছে অবৈধ নিচাযুক্ত সামগ্ৰী (illegal intoxicating elements)ৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ মঙলবাৰে সন্ধিয়াৰ ভাগত এক অভিযান চলাই সৰভোগ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷

By

Published : Jul 14, 2021, 10:30 AM IST

sarbhog-police-rescues-huge-amount-of-illegal-liquor
আৰক্ষীৰ আগমনৰ পূৰ্বে বৃহৎ পৰিমানৰ অবৈধ সুৰা এৰি পলাল বেপাৰী

বৰপেটাৰোড, 14 জুলাই : সৰভোগৰ ২ নং ৱাৰ্ডৰ পৰা মঙলবাৰে সন্ধিয়া অভিযান চলাই সৰভোগ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(circle officer Barnagar revenue circle) বিপুল কুমাৰ ডেকা আৰু সৰভোগ থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক(circle inspector)ৰ নেতৃত্বত যোৱা এটা দলে এই বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় । এই অভিযানত ১৮০ এমএলৰ ১৪৭ টা চিচি, ৩৭৫ এমএলৰ ৩৭ টা চিচি আৰু ৬৫০ এমএলৰ ১৬ টা চিচি জব্দ কৰে ।

জব্দ হোৱা অবৈধ সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ২৮ হাজাৰ টকা ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ সময়ত কোনো ব্যক্তি কৰায়ত্ত কৰা হোৱা নাই ৷ আৰক্ষীৰ উপস্থিতিৰ খবৰ পাই অভিযানৰ পূৰ্বে অবৈধ সুৰা ব্যৱসায়ী(illegal liquor trader)কেইটাই পলায়ন কৰে ৷ অভিযানৰ অন্তত জব্দ কৰা সুৰাসমূহ আৰক্ষীয়ে আবকাৰী বিভাগক গতাই দিয়ে ।

সৰভোগত বৃহৎ পৰিমাণৰ সুৰা জব্দ

সমগ্ৰ ৰাজ্যত আৰক্ষীয়ে অবৈধ নিচাযুক্ত সামগ্ৰী(illegal intoxicating elements)ৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান চলাই চমক দি আহিছে ৷ একেটা সময়ত নিতৌ নতুন নতুন ঠাইত এইদৰে অবৈধ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ হোৱাৰ ঘটনাই সূচাইছে যে ৰাজ্যখনত এনেধৰণৰ অবৈধ ব্যৱসায়ে দীৰ্ঘসময় ধৰি শিপাই আছিল ৷ আৰক্ষীৰ পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে ৷

লগতে পঢ়ক :ভুল চিকিৎসাৰ অভিযোগ : পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

ABOUT THE AUTHOR

...view details