অসম

assam

ETV Bharat / state

সাংসদ আৰু বিধায়কক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সোণোৱাল : লুৰিণ জ্যোতি গগৈ - সদৌ অসম ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক

নিজৰ সাংসদ আৰু বিধায়কক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সোণোৱাল ৷ ইয়াৰ লগতে বুঢ়া আৰক্ষী চকী কাণ্ডৰ দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবেও আহ্বান লুৰিণ জ্যোতি গগৈৰ ৷

ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Sep 21, 2019, 6:58 PM IST

পাঠশালা,চেপ্তেম্বৰ 21: দৰঙৰ বুঢ়া আৰক্ষী চকীত সংঘটিত ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ প্ৰতিক্ৰিয়া ৷ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাই চৰকাৰ আৰু মুখ্যমন্ত্ৰীকো কঠোৰ ভাষাৰে সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৷

ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সোণোৱাল

সাংবাদিকৰ আগত ছাত্ৰ নেতাগৰাকীয়ে কয় যে, নিজৰ সাংসদ আৰু বিধায়কক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সোণোৱাল ৷ ইয়াৰ লগতে তেখেতে কয় যে,বিধায়ক শিলাদিত্য দেৱ আৰু মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই একপক্ষীয়ভাৱে কৰা মন্তব্যকো তীব্ৰ সমালোচনা কৰে ৷ সাম্প্ৰদায়িক মন্তব্য কৰা সকলৰ ক্ষেত্ৰত চৰকাৰক কঠোৰ হ'বলৈও আহ্বান জনাই লুৰিণ জ্যোতি গগৈয়ে ৷

দৰঙৰ বুঢ়া আৰক্ষী চকীত তিনিগৰাকী মহিলাক নিৰ্যাতন চলোৱা ঘটনা সন্দৰ্ভত তেখেতে কয় যে,একাংশ লোকে উদ্দেশ্য প্ৰণোদিতভাৱে মানুহক প্ৰৰোচিত কৰিবলৈ চ'ছিয়েল মিডিয়া ব্যৱহাৰ কৰি আহিছে ৷ এনে ব্যক্তিক চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই লুৰিণ জ্যোতি গগৈয়ে ৷ ইয়াৰ লগতে বুঢ়া আৰক্ষী চকী কাণ্ডৰ দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবেও আহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details