অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰত অনুষ্টুপীয়াকৈ পালন শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি - barpeta

বৰপেটাবাসীৰ বাবে এইবাৰ সেমেকা হৈ ৰ'ল জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ অতি অনুষ্টুপীয়া কাৰ্যসূচীৰে এইবেলি বৰপেটাবাসীয়ে পালন কৰিলে গুৰুজনাৰ তিৰোভাৱ তিথি ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

By

Published : Aug 20, 2020, 11:23 AM IST

বৰপেটা, 20 আগষ্ট:বুধবাৰে ৰাজ্যজুৰি ভিন্ন সত্ৰ-নামঘৰত অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হ'ল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ কিন্তু এই দিনটোত স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত হৈ আহিছে সত্ৰনগৰী বৰপেটা ৷ গুৰুজনাৰ একান্ত শিষ্য মাধৱদেৱ গুৰুৱে স্থাপন কৰা তিনি ৰাজ্যৰ বন্দীয় স্থান বৰপেটা সত্ৰতো বুধবাৰে পালন কৰা হ'ল গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷

বৰপেটা সত্ৰত অনুষ্টুপীয়াকৈ পালন শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

গুৰুজনাৰ কীৰ্তন মহোৎসৱ বুলিলেই বৰপেটাৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হয় ভক্তি ৰসৰ অমিয়া সুবাস ৷ সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰু জনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ 7 দিন আগৰে পৰাই বৰপেটা সত্ৰৰ পৰম্পৰা অনুযায়ী এই কীৰ্তন মহোৎসৱৰ স্থাপনা কৰা হয় ৷ 7 দিনেই অব্যাহত থাকে ঘোষা, পদ আদিও ৷ কিন্তু এইবেলি কিছু ম্লান পৰিল বৰপেটাবাসীৰ পূৰ্বৰ উচাহ ৷ কিয়নো কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ এইবাৰ অতি অনুষ্টুপীয়াকৈ বৰপেটাবাসীয়ে পালন কৰিলে গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ আনকি প্ৰসাদ বিতৰণো এইবাৰ বন্ধ কৰি ৰখা হ'ল বৰপেটা সত্ৰত ৷ কেৱল সীমিত সংখ্যক লোকৰ উপস্থিতিতহে যাৱতীয় নিয়ম খিনি পালন কৰি নাম প্ৰসংগৰে এই মহোৎসৱ সামৰিবলগীয়া হয় বুলি উল্লেখ কৰে, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ আন বাৰৰ উলহ মালহেৰে ভৰা এই মহোৎসৱ এইবাৰ অনুষ্টুপীয়াকৈ সামৰিবলগীয়া হোৱাত বুঢ়াসত্ৰীয়া গৰাকীয়ে গুৰুজনাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে, নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে পূৰ্বৰ সেই অনুকুল পৰিস্থিতি ঘূৰাই আনিবলৈ ৷

বৰপেটা সত্ৰ

লগতে পঢ়ক:পাঁচমাহৰ অন্তত খুলিল অসমৰ সৰ্ববৃহৎ খাৰুপেটীয়া বালুগাঁও সাপ্তাহিক বজাৰ

ABOUT THE AUTHOR

...view details