বৰপেটা, 1 ছেপ্টেম্বৰঃ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে দেওবাৰে পুৱাৰ পৰাই বৰপেটা সত্ৰত দেখিবলৈ পোৱা গৈছে ভক্তৰ সমাগম ৷ গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে সত্ৰত পালিত নাম প্ৰসংগত অংশ গ্ৰহণ কৰিছে হাজাৰ হাজাৰ ভক্তই । বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিটো কীৰ্তন মহোৎসৱ হিচাপে পালন কৰি অহা হৈছে। গুৰুজনাৰ কীৰ্তন মহোৎসৱ উপলক্ষে দেওবাৰে বৰপেটা সত্ৰত পুৱাৰ গীত আৰু ভটিমা গোৱাৰ পিচতে ঘোষা পাঠ কৰা হয়।
বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন - বৰপেটা
আজি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ৷ সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ সমূহত পালন কৰা হৈছে তিৰোভাৱ তিথি । গুৰু জনাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰতো পালন কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ । সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা হৈছে তিৰোভাৱ তিথি ৷
গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসংগ আৰু হৰি নামৰ ধ্বনিত এক পবিত্ৰ আধ্যাত্মিক পৰিবেশে বিৰাজ কৰে । সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত গায়ন বায়নৰ বিবিধ সত্ৰীয়া পৰম্পৰা পৰিবেশনৰ লগতে সত্ৰৰ প্ৰসংগত ভক্ত সকলেও অংশগ্ৰহণ কৰে। তিথি মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত পুৱাৰ পৰাই বহু লোকৰ সমাগম হয় । সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াই নাম-প্ৰসংগত ভাগ লোৱাৰ লগতে ভক্ত সকলক আশীষ-নিৰ্মালী প্ৰদান কৰে । ইপিনে বিয়লি সত্ৰত ঘোষা কীৰ্তন আৰু ব্যাস কীৰ্তন কৰা হ'ব বুলিও সত্ৰাধিকাৰ গৰাকীয়ে জানিবলৈ দিছে । গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভক্ত সকলে গায়ন-বায়ন , ওজাপালি আৰু নাম কীৰ্তনেৰে বিশাল সমদল কৰি সত্ৰত কৰভাৰ প্ৰদান কৰিব ।